বাক্সা,25 অক্টোবৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীত দেওবাৰে অনুষ্ঠিত হৈ যায় এক সম্বৰ্ধনা অনুষ্ঠান ৷ খৈৰাণী, কাৰখেলা গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয় সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতি অৰ্জুন ছেত্ৰীক ৷ গোৰ্খালী ঢাকা টুপী, মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় সভাপতি গৰাকীক ।
![AAGSU President Felection in baksa assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9309763_img.jpg)
এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি তথা গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, ভাৰতীয় জনতা পাৰ্টীৰ বাক্সা জিলাৰ সভাপতি তথা গোৰ্খা উন্নয়ন পৰিষদৰ উপ-সভাপতি ৰাম দাহাল, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন প্ৰচাৰ সচিব তথা গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য ৰাজ নেৱাৰ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা লক্ষণ লামা, বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী আৰু গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য মহেন্দ্ৰ ৰায় ৷
লগতে চাওকঃ বিলাসীপাৰাত আৰক্ষীৰ জালত তিনি প্ৰবঞ্চক