ETV Bharat / state

১২-১৩ বছৰ ধৰি বিছনাতেই চটফটাই আছে এগৰাকী যুৱতী

author img

By

Published : Dec 22, 2020, 9:32 AM IST

ধনৰ অভাৱত ১২-১৩ বছৰ ধৰি বিছনাতেই চটফটাই আছে বাক্সা জিলাৰ এগৰাকী যুৱতী ৷ অৰ্থৰ অভাৱত চিকিৎসা কৰিব নোৱাৰা দুখীয়া পৰিয়ালটোক প্ৰয়োজন বৃহৎ পৰিমাণৰ ধনৰ ৷ বিটিচি চৰকাৰ তথা সদাশয় লোকৰ পৰা সহায় বিচাৰিছে দুখীয়া পৰিয়ালটোৱে ৷

A young girl has been in bed for 12-13 years
১২-১৩ বছৰ ধৰি বিছনাতেই চটফটাই আছে এগৰাকী যুৱতী

বাক্সা, 22 ডিচেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বগাজুলীৰ সোনালীপাৰা গাঁৱৰ এটি দুখীয়া পৰিয়ালৰ কৰুণ কাহিনী ৷ অৰ্থৰ অভাৱত চিকিৎসা অবিহনেই বিছনাত চটফটাই আছে পৰিয়ালটোৰ এগৰাকী যুৱতী ৷ তিনি বছৰ বয়সতে ভূল চিকিৎসাৰ বলি হোৱা লতিকা নাৰ্জাৰী নামৰ যুৱতী গৰাকীক চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ ধনৰ ৷ সোনালীপাৰা গাঁৱৰ সুমন নাৰ্জাৰীৰ জেষ্ঠ্য কন্যা লতিকা নাৰ্জাৰী বিগত ১২-১৩ বছৰ ধৰি বিছনাতেই চটফটাই আছে ৷

যুৱতী গৰাকীৰ মাতৃ দুৰ্ব নাৰ্জাৰীয়ে জনোৱা মতে, তিনি বছৰ বয়সতে ভুল চিকিৎসাৰ বলি হৈছিল যুৱতী গৰাকী ৷ তেতিয়াৰ পৰাই বিছনাতে পাৰ কৰিছে দিন ৰাতি ৷ এতিয়া লতিকা নাৰ্জাৰীক চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ ধনৰ ৷ সেয়েহে বিটিচিৰ নৱ গঠিত চৰকাৰ খনৰ পৰা আৰ্থিক সহায় বিচৰাৰ লগতে সদাশয় লোকৰো সহায় বিচাৰিছে পৰিয়ালটোৱে ৷ কোনো লোকে সহায় কৰিব বিচাৰিলে 9110569903 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান মাতৃ গৰাকীৰ ৷

লগতে পঢ়ক: নগাঁৱৰ বামুনীত উদ্ধাৰ আঘাতপ্ৰাপ্ত পোৱালি হাতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.