বাক্সা, ২০ মে': বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বৃহত্তৰ খাৰিজা বিজনী মৌজাত তিনিবছৰে সম্পূৰ্ণ হৈ নুঠিল এখন দলং ৷ বাৰাপেটা-বৰপেটাৰোড সংযোগী পথৰ বাৰাপেটা মিলন বজাৰৰ গাতে লাগি থকা উল্টাখুন্দা নৈৰ ওপৰত পূৰ্বতে কাঠৰ দলং আছিল যদিও উক্ত দলংখন ভাঙি পকি দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । অতিকৈ ব্যস্ত পথটোৰে বৃহত্তৰ বাৰাপেটা, কাজিয়ামাটি, চুক্ৰুংবাৰী, বগুৰিগুৰী আদি অঞ্চলৰ হাজাৰ হাজাৰ মানুহ তথা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অহা-যোৱা কৰে ।
কিন্তু অতি পৰিতাপৰ বিষয় যে যোৱা তিনি বছৰতো সম্পূর্ণ হৈ নুঠিল দলংখন । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় জন প্ৰতিনিধিৰ হেমাহিৰ বাবে অঞ্চলবাসীয়ে জীয়াতু ভুগিব লগীয়া হৈছে ।
তাৰোপৰি এইবাৰ বাৰিষাৰ আগতে দলংখন সম্পূৰ্ণ নহ’লে অঞ্চলবাসীয়ে বহু বিপদৰ সন্মুখীন হ'ব লাগিব ৷ সেয়েহে ঠিকাদাৰ, বিভাগীয় কৰ্তৃপক্ষ, স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু পাৰিষদ তথা কাৰ্যবাহী সদস্য গৌতম দাসক সঠিক পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় কাতৰ অনুৰোধ জনাইছে ৰাইজে ।
লগতে পঢ়ক : আলোচনালৈ আহিব নেকি পৰেশ বৰুৱা !