বৰমা,22 জুলাইঃ এজন দুজন নহয়,বৰমাত একেটা পৰিয়ালৰে 19 জনকৈ লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ জানিব পৰা মতে,বাক্সা জিলাৰ বৰমা মুৰমেলাত পৰিয়ালটোৰ তপন দাস নামৰ লোকজন কৰ্মসূত্ৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত কৰ্মৰত হৈ আছিল ৷ ইয়াৰ পিছতে আজি স্বাৱ পৰীক্ষাৰ ফলাফল অহাৰ পিছতে তপন দাসৰ লগতে পৰিয়ালৰ 19 জনকৈ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ৷ স্থানীয় লোকে গণ সংক্ৰমণ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷
ইপিনে,পৰিয়ালটোৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোককেইজন হৈচে ক্ৰমে,মৃন্ময় দাস (২৫),চিত্ৰা দাস(৫৪ ),চিন্ময় কলিতা(২৬ ),প্ৰণৱ হালৈ (৭০), প্ৰমোদ হালৈ (৬১),দূৰ্গা হালৈ(৬০),পৰেশ হালৈ (৫৫), ফণীধৰ হালৈ (৫০),মথুৰ হালৈ(৪৫), অঞ্জলি হালৈ (৪৫),অনিমা হালৈ(৪০),ৰমেশ হালৈ(৩৫), পিংকি হালৈ (৩৫), পিনাকি হালৈ (৩০) ধিতিস্মিতা হালৈ(২০), যুৱৰাজ হালৈ (১৫), নয়না হালৈ (৯) আৰু অভিষেক হালৈ (৮) ।
আনহাতে, পৰিয়ালটোৰ 19 গৰাকীকৈ সদস্য কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে সমগ্ৰ বৰমা অঞ্চলতে বৰ্তমান এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷ ইতিমধ্যে বাক্সা জিলা স্বাস্থ্য বিভাগে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি পৰিয়ালটোক ঘৰতে আৱদ্ধ কৰি থৈছে ৷
লগতে পঢ়কঃবাঘজানত পুনৰ দুৰ্ঘটনা : তৈলক্ষেত্ৰত বিস্ফোৰণত আহত তিনি বিশেষজ্ঞ