নিউজ ডেস্ক, 13 নৱেম্বৰ: তামুলপুৰ আৰু বাক্সা জিলাৰ আদিবাসী ৰাইজৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰৰ পাটকীজুলী মাইনাও ফুটবল খেলপথাৰত মঙলবাৰে স্বাধীনতা সেনানী বীৰছা মুণ্ডাৰ (Freedom fighter Veer Birsa Munda) ১৪৭ সংখ্যক জন্মজয়ন্তী পালন কৰা হয় (147th birth anniversary of Veer Birsa Munda) ৷ ইয়াৰ সমান্তৰালকৈ আদিবাসী ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰকাৰী সকলক সম্বৰ্ধনা জনোৱা হয়৷
স্বাধীনতা সেনানী বীৰছা মুণ্ডাৰ ১৪৭ তম্ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি প্ৰাক্তন বীৰছা কামাণ্ডো ফোৰ্চ BT গ্ৰুপৰ মুখ্য সেনাধ্যক্ষ বাদল তুডুৱে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (147th birth anniversary celebrated in Tamulpur)৷ ইয়াৰ লগতে আদিবাসী সকলৰ পৰম্পৰাগত মাঝি থান মুকলি কৰে প্ৰাক্তন বীৰছা কামাণ্ডো ফোৰ্চ BT গ্ৰুপৰ অধ্যক্ষ তিৰ্কু তুডুৱে। উদযাপন সমিতিৰ সভাপতি পৰমেশ্বৰ বাস্কেৰ সভাপতিত্বত জন্মজয়ন্তীৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত হয় ৷
উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি মনোজ কুমাৰ চুব্বাই আঁত ধৰা মুকলি সভাখনত উদযাপন সমিতিৰ সম্পাদক ষ্টিফেন মুৰ্মুৰ সহযোগত আদিবাসী ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰকাৰী BCF, APA, STFA, ACMA আৰু ANLA-ৰ সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷
মুকলি সভাখনত এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী, এমচিএলএ হেমন্ত কুমাৰ ৰাভা, আগছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাজু বাজগায়, প্ৰাক্তন ইউজিপিওৰ অধ্যক্ষ সুৰজ ঘিমিৰে, কেন্দ্ৰীয় ASBP-ৰ সভাপতি মহেশ মুৰ্মু, তামুলপুৰ জিলা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি পূৰ্ণ সিং ৰাভা, সদৌ চান্তাল ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ সম্পাদক চুৰেন মাৰ্ডি সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে দুই সহস্ৰাধিক আদিবাসী ৰাইজে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: Most wanted criminal arrested: চামগুৰি আৰক্ষীৰ জালত দুধৰ্ষ অপৰাধী