ETV Bharat / state

খোৱাপানীৰ বাবে হাহাকাৰ দৰংগাবাসীৰ - BAKSHA

নিৰ্বাচন আহে যায় , সলনি নহয় পৰিস্থিতি ৷ দৰংগাবাসীৰ সমস্যাৰ প্ৰতি ভ্ৰূক্ষেপ নাই জন প্ৰতিনিধিৰ ৷

BAKSHA
author img

By

Published : Mar 19, 2019, 12:19 PM IST

বাক্সা , 19 মাৰ্চ : সন্মুখত নিৰ্বাচন ৷ ৰাইজক আকৰ্ষণৰ চেষ্টা জন প্ৰতিনিধিৰ ৷ কিন্তু এটুপি খোৱাপানীৰ বাবেও হাহাকাৰ কৰিছে ভাৰত-ভূটান সীমান্তৰ ৰাইজে ৷

দৰংগাবাসীৰ সমস্যালৈ দৃষ্টি পৰিবনে জনপ্ৰতিনিধিৰ
নৈ-নিজৰাৰ পানী খাইয়ে জীৱন নিৰ্বাহ কৰিছে ভাৰত ভূটান সীমান্তৰ ন' মেনছ লেণ্ডৰ দৰংগাবাসীয়ে ৷ আনহাতে বাৰিষা কালত নৈখনৰ পানী বৃদ্ধি পালে বালিচৰত গাঁত খান্দি উলিওৱা পানী টুপিৰ বাবেও হাহাকাৰ কৰিবলগীয়া হয় অঞ্চলবাসীয়ে ৷ বাৰিষা নৈ খনত পানী বৃদ্ধি হ'লে ৰাইজে দুই তিনিদিনলৈ নাপায়খোৱাপানী ৷ গাঁওখনৰ ৰাইজে ভূটানৰ পাহাৰৰ পৰা বৈ অহা নদ-নিজৰাৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে ৷ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি বছৰ বছৰ ধৰি খোৱা পানীৰ বাবে দুৰ্দশা ভোগ কৰি অহাৰ পাচতো অঞ্চলবাসীৰ সমস্যালৈ দৃষ্টি পৰা নাই জনপ্ৰতিনিধিৰ ৷

Intro:এটুপি বিশুদ্ধ খোৱাপানী আৰু যাতায়তৰ সমস্যাত ককবকাইছে ভাৰত ভূটান সীমান্তৰ ৰাইজ ।

Body:একবিংশ শতিকাৰ এটা দশক অতিক্ৰম কৰাৰ পিচতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ভাৰত -ভূটান সীমান্তৰ সহস্ৰাধিক ৰাইজে ৷ নৈ -নিজৰাৰ পানী খাইয়ে জীৱন নিৰ্বাহ কৰি আহিছে অঞ্চলটোৰ ৰাইজে ৷ এইক্ষেত্ৰত কানসাৰ নাই স্থানীয় জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ ৷
    এই দৃশ্য বাক্সা জিলাৰ ভাৰত -ভূটান সীমান্তৰ ন ' মেনচ লেণ্ডৰ ৷ ন ' মেনচ লেণ্ডত অৱস্থিত এন কে দৰংগাৰ গাঁৱবাসীয়ে স্বাধীনতাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচতো বঞ্চিত হৈ আহিছে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা ৷ গাঁৱখনৰ ৰাইজে ভূটান পাহাৰৰ পৰা বৈ অহা নদ -নিজৰাৰ পানী খাইয়ে জীৱন -নিৰ্বাহ কৰি আহিছে ৷

Conclusion:জানিব পৰা মতে বাৰিষা নৈখনত পানী বৃদ্ধি হলে দুই তিনিদিনলৈ তেওঁলোকে নাপাই এটুপি বিশুদ্ধ পানী ৷ বিগত নিৰ্বাচনৰ সময়ত অঞ্চলটোত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনী বৈতৰণী পাৰ হোৱা জনপ্ৰতিনিধিয়েও এতিয়া খবৰ নকৰে নো মেনচ লেণ্ডত বসবাস কৰা ৰাইজৰ দূৰ্দশাৰ কথা ৷ যাৰবাবে অঞ্চলটোৰ ৰাইজে নৈখনৰ বালিত গাত খান্দি খোৱা পানী টুপি সংগ্ৰহ কৰি আহিছে ৷
বাইট— গাঁৱবাসী ৷
     এতিয়া সম্মুখত পুনৰ নিৰ্বাচন ৷ অঞ্চলটোলৈ ভোট বিচাৰি আহিব বিভিন্ন ৰাজনৈতিক দলৰ নেতা -পালিনেতা ৷ কিন্তু অঞ্চলটোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনে কি গুৰুত্ব দিয়ে সেয়াহে লক্ষণীয় হব ৷

Ajit Rabha BAKSA
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.