নিউজ ডেস্ক, 14 মাৰ্চ, বাক্সা : যোৱা 14 ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলাৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল 42 গৰাকীকৈ চি আৰ পি এফৰ জোৱান । তাৰে ভিতৰত অসমৰ বাক্সা জিলাৰ তামুলপুৰ কলবাৰীৰ গাঁৱৰবীৰ সন্তান মনেশ্বৰ বসুমতাৰী শ্বহীদ হৈছিল । আজি বীৰ শ্বহীদ গৰাকীৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ’ল ৷ সেয়েহে আজি চি আৰ পি এফৰ শ্বিলংস্থিত কোৱাটাৰৰ সঞ্চালক প্ৰধান প্ৰকাশ ডিয়ে শ্বহীদ গৰাকীৰ বাসগৃত উপস্থিত হয় ।
প্ৰথমে বড়ো ৰীতি নীতিৰে শ্বহীদ গৰাকীক অন্তেষ্টিক্ৰিয়া সথীত আৰোজ (প্ৰাৰ্থনা সভা) আয়োজন কৰা হয় অনুষ্ঠানতগোৰশ্বৰ চি আৰ এফৰ জোৱান আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।