বাক্সা, 3 মাৰ্চ: আজি দেশৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধ । যোৱা 14 ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ আত্মঘাটি বোমাৰুৰ আক্ৰমণত নিহত হৈছিল বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী নিবাসী শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ।
সেয়ে দেওবাৰে বীৰ শ্বহীদ গৰাকীৰ বাসগৃত ৰাজহুৱা ভাৱে বিশাল আদ্যশ্ৰাদ্ধৰ আযোজন কৰা হয় । উল্লেখ্য যে আজি বিয়লি 3 বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আহিব বুলি জানিব পৰা গৈছে । তদুপৰি আজি দিনৰ দহ বজাত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে শ্বহীদ গৰাকীলৈ এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰে । ইপিনে গ্ৰন্থ উন্মোচনী সভাত বড়ো সাহিত্য সভাৰ সভাপতি তোৰেন বড়ো আৰু বাক্সা জিলা অসম সাহিত্য সভাৰ সভাপতি ব্ৰজেন ডেকা উপস্থিত থকাৰ লগতে স্থানীয় জেষ্ঠ্য ব্যক্তি সকল উপস্থিত থাকে ।