ETV Bharat / state

বাক্সাৰ এখন পৰিত্যক্ত বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয় - APARAJITA MAHANTA

ৰাইজৰ হাজাৰ আহ্বানৰ পাচতো চকু মুদা কুলিৰ ভাৱত বিভাগীয় কৰ্তৃপক্ষ

ETV BHARAT
author img

By

Published : Feb 27, 2019, 8:29 PM IST

বাক্সা, ২৭ ফেব্ৰুৱাৰী: ১৯৯৪ চনতে স্থাপিত ভাৰত-ভূটান সীমান্তৰ মেনকা চাহ বাগিচাৰ এখন বড়ো মাধ্যমৰ বিদ্যালয় ।যিসময়ত নিখিল বড়ো ছাত্ৰসন্থা, বড়ো সাহিত্য সভা আদি সংগঠনসমূহে বড়ো মাধ্যম শিক্ষানুষ্ঠানসমূহৰ উন্নয়নৰদাবী জনাই আহিছে সেই সময়তে এনেদৰে দীৰ্ঘদিন ধৰি অৱহেলিত হৈ পৰি আছে তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বৃহত্তৰ এন চি আঙাৰকাটা (নতুন বস্তি)ৰ শিমলীগুৰী প্ৰাথমিক বিদ্যালয় ।

বাক্সাৰ এখন পৰিত্যক্ত বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়: ৰাইজৰ হাজাৰ আহ্বানৰ পাচতো চকু মুদা কুলিৰ ভাৱত বিভাগীয় কৰ্তৃপক্ষ

স্থানীয় ৰাইজে শিক্ষানুষ্ঠানখনৰ মেৰামতিৰ বাবে বহু দিন ধৰি তামুলপুৰ শিক্ষাখণ্ড বিষয়াকআহ্বান জনাই আহিছে যদিও আজি পৰ্যন্ত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে কৰ্তৃপক্ষই । যাৰ বাবে সচেতন ৰাইজে নিজেই আগবাঢ়ি আহিল বিদ্যালয়খন মেৰামতি কৰিবলৈ । ৪৩ গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰে বড়ো মাধ্যমৰ পৰিত্যক্ত বিদ্যালয়খন আন্তঃগাঁথনিৰ অভাৱত এবাৰ এজাক ধুমুহা বতাহতে ভাগি পৰিছিল । তাৰ পাচৰে পৰা পুনৰ নিৰ্মাণৰ বাবে কোনোধৰণৰ ব্যৱস্থা নল'লে বিভাগীয় কৰ্তৃপক্ষই । আনহাতে, ৰাইজে প্ৰকাশ কৰা অনুসৰি বিদ্যালয়খনৰ নাতি দূৰতে অৱস্থিত স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীৰ বাসগৃহ । তথাপি চকু মুদা কুলিৰ ভাৱত যেন বিধায়কগৰাকীও ।

স্থানীয় লোকসকলে প্ৰকাশ কৰা মতে প্ৰায় ২০ হাজাৰতকৈ অধিক ৰাইজৰ পাৰ দান-বৰঙণি তুলি লগে-ভাগে বিদ্যালয় গৃহটো নিৰ্মাণ কৰাৰ প্ৰয়াস কৰা হৈছিল যদিও সম্পূৰ্ণ কৰিব পৰা হোৱা নাছিল বিদ্যালয়গৃহটো । সম্প্ৰতি, প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ টকাৰেই দিন হাজিৰা লগাই বিদ্যালয়গৃহটো নিৰ্মাণ কৰি আছে ।

বৰ্তমানে প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হোৱাৰ এই সময়তে এনেদৰে পাঠদান গ্ৰহণত অসুবিধাত পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈও চিন্তিত হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱকসকলো ।

বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ মেনকা চাহ বাগিচাৰ অন্তৰ্গত এখন বড়ো মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ হেতালী ।
ৰাইজে মেৰামতি কৰিলে বিদ্যালয় ।

এইখন হৈছে তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বৃহত্তৰ এন চি আঙাৰকাটাৰ (নতুন বষ্টি) শিমলীগুৰী প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা । যিসময়ত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাই বড়ো মাধ্যমৰ শিক্ষানুস্থান সমূহ সংৰক্ষণ কৰিবলৈ দাবী জনাই আহিছে । কিন্তু তেনেতে সময়তে বড়ো মাধ্যমৰ বিদ্যালয়ক এলাগী কৰিব বিছাৰিছে তামুলপুৰ শিক্ষা খণ্ডই । প্ৰায় ৪৩ জনতৈ অধিক ছাত্ৰ ছাত্ৰী থকা বড়ো মাধ্যমৰ চৰকাৰী বিদ্যালয় খন ১৯৯৪ চনতে স্থাপন কৰা হৈছিল যদিও ২৫ টা বছৰে আন্তগাঠনীৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তামুলপুৰ শিক্ষা খণ্ডই । উল্লেখ্য যে এই বিদ্যালয় খনৰ নাতি দুৰতে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীৰ ঘৰ । যোৱা এমাহ আগতে আন্তগাঠনীৰ অভাৱত বতাহত ভাঙি পৰিছিল বিদ্যালয় গৃহটো । তথাপিও কান সাৰ নাই বিধায়ক গৰাকীৰ । যাৰ বাবে যোৱাকালি স্থানীয় লোক সকলে জানিব দিয়া মতে ২০ হাজাৰতকৈ অধিক ৰাইজৰ দান বৰঙণি তুলি লগে ভাগে বিদ্যালয় গৃহটো নিৰ্মাণ কৰিছিল তথাপিও সম্পূৰ্ণ কৰিব নোৱাৰা বাবে আজি প্ৰধান শিক্ষক গৰাকীয়ে নিজৰ টকাৰে হাজিৰা লগাই বিদ্যালয়গৃহটো নিৰ্মাণ কৰি আছে ।

বৰ্তমান যিহেতু ৰাজ্যত বিদ্যালয় সমূহত পাঠদান আৰম্ভ হৈছে । ফলত বিদ্যালয় খনত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভবিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক সকল । এতিয়া অসমৰ শিক্ষা মন্ত্ৰী গৰাকী

ভাষ্য : ১/স্থানীয় লোক ২/ ৰান্ধনী ৩/ ছাত্ৰ

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.