স্পৰ্টছ ডেস্ক, ৪ আগষ্ট: ভাৰতীয় মহিলা হকী দলৰ মনোবল বৃদ্ধি কৰাৰ বাবে হীৰাৰ ৰজা হিচাপে জনাজাত চুৰাটৰ হৰি কৃষ্ণ এক্সপোৰ্ট(Hari Krishna Exports) কোম্পানীৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সাভজী ধোলাকিয়া(Savji Dholakia)ই এক বিশেষ উপহাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । টকিঅ' অলিম্পিক(Tokyo Olympics)ত পদক লাভ কৰিলেই ভাৰতীয় মহিলা হকী দলৰ খেলুৱৈলৈ তেওঁ উপহাৰ আগবঢ়াব । তেওঁ জনোৱা মতে, খেলুৱৈসকলক ১১ লাখ টকা মূল্যৰ ঘৰ অথবা ৫ লাখ টকাৰ গাড়ী প্ৰদান কৰিব । হীৰা ব্যৱসায়ীগৰাকীয়ে কয় যে, তেওঁ এই পদক্ষেপৰ জৰিয়তে দেশৰ খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে ।
![Savji Dholakia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/gj-sur-hockey-daimond-7200931_03082021221323_0308f_1628009003_1077.jpg)
মহিলা খেলুৱৈসকলৰ প্ৰশংসা কৰি তেওঁ কয় যে, ভাৰতৰ মহিলা খেলুৱৈয়ে টকিঅ' অলিম্পিকত ইতিহাস ৰচনা কৰিছে । প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ কথাও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে, যদি মহিলা হকী দলটোৱে পদক জয় কৰিবলৈ সক্ষম হয়, তেন্তে কোনো খেলুৱৈ বিচাৰিলে হৰি কৃষ্ণ গ্ৰুপে আৰ্থিক সাহাৰ্য আগবঢ়াব । তাৰোপৰি প্ৰতিগৰাকী খেলুৱৈক ১১ লাখ মূল্যৰ ঘৰ অথবা ৫ লাখ টকাৰ গাড়ী প্ৰদান কৰিব হৰি কৃষ্ণ গ্ৰুপে ।
![Savji Dholakia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/gj-sur-hockey-daimond-7200931_03082021221323_0308f_1628009003_323.jpg)
টুইটযোগে তেওঁ এই কথা জানিবলৈ দিছে । চুৰাটৰ প্ৰতিষ্ঠিত হীৰা ব্যৱসায়ী সাভজী ধোলাকিয়া লোকৰ ভাল কামনা কৰা এগৰাকী ব্যক্তি আৰু তেওঁ সদায় কৰ্মাচাৰীৰ সাধাৰণ প্ৰয়োজনখিনিৰ বাবেও চিন্তা কৰি আহিছে ।
তেওঁ নিজৰ কোম্পানীৰ কৰ্মচাৰীসকলক প্ৰতি বছৰে এটাকৈ ঘৰ, নতুন গাড়ী আৰু অলংকাৰ দিপাৱলীৰ বনাচ হিচাপে উপহাৰ দি আহিছে । লগতে, প্ৰতিষ্ঠিত হীৰা ব্যৱসায়ী ধোলাকিয়াৰ ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতিও যথেষ্ট আগ্ৰহ আছে । আনহাতে, টকিঅ' অলিম্পিকত ভাৰতীয় মহিলা হকী দলে অষ্ট্ৰেলিয়াক ১-০ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । বুধবাৰে আবেলি ৩.৩০ বজাত আৰ্জেণ্টিনাৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব ভাৰতীয় মহিলা হকী দলটোৱে ।
লগতে পঢ়ক:অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ’ল ভাৰতীয় পুৰুষ হকী দলৰ