স্পৰ্টছ ডেস্ক, 5 আগষ্ট : টকিঅ' অলিম্পিকত ভাৰতৰ ভিনেশ ফোগাটে(Vinesh Phogat)এ মহিলাৰ ফ্ৰিষ্টাইল ৰেষ্টলিঙৰ 53 কিল'গ্ৰাম শাখাত(Women's 53kg Freestyle wrestling)ৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰগতি লাভ কৰিছে ৷ চুইডেনৰ অভিজ্ঞ ছফিয়া মাগদালেনা মেটছনক(Sofia Magdalena Mattsson) ৭-১ত পৰাস্ত কৰি ফোগাটে প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰগতি লাভ কৰে ৷
ফোগাটৰ আক্ৰমণাত্মক প্ৰচেষ্টাই অতি সহজেই খেলুৱৈগৰাকীক জয়ৰ দিশে আগবঢ়াই লৈ যায় ৷ সমগ্ৰ খেলখনতেই আগবাঢ়ি থকাৰ পাচত ভাৰতৰ এইগৰাকী অন্যতম শীৰ্ষ স্থানপ্ৰাপ্ত মল্লযোদ্ধা কোৱাৰ্টাৰ ফাইনেললৈ বুলি আগবাঢ়িছে ৷
দুৰ্ভাগ্যৱশতঃ আঘাতপ্ৰাপ্ত হোৱাত ৰিঅ'ত(Rio) স্বপ্নভংগ হোৱাৰ পাচত ফোগাট এতিয়া মল্লযুদ্ধৰ ক্ষেত্ৰত ভাৰতৰ বাবে এক ডাঙৰ আশা ৷
লগতে পঢ়ক: Tokyo Olympics : ছেমি ফাইনেলত স্তব্ধ ভাৰতীয় মহিলা হকী দলৰ জয় যাত্ৰা