স্পৰ্টছ ডেস্ক, 13 জুলাই : উইম্বলডনৰ ছেমি ফাইনেলত ছুইছ টেনিছ তাৰকা ৰ'জাৰ ফেডেৰাৰৰ হাতত পৰাস্ত হ'ল স্পেনিছ টেনিছ তাৰকা ৰাফেল নাডাল ৷ শনিবাৰে অনুষ্ঠিত ছেমি ফাইনেল মেচত জয় লাভেৰে ফেডেৰাৰে ফাইনেলত প্ৰৱেশ কৰে ৷ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ মেচ খনত ফেডেৰাৰে 7 - 6, 1 - 6, 6 - 3, 6 - 4 ছেটত নাডালক বিধস্ত কৰে ৷
উল্লেখ্য যে, এই জয়ৰ দ্বাৰা দ্বাদশ বাৰৰ বাবে ফেডেৰাৰে উইম্বলডনৰ ফাইনেলত প্ৰৱেশ কৰে ৷ ফাইনেলত ফেডেৰাৰৰ মুখামুখি হ'ব ছাৰ্বিয়ান টেনিচ তাৰকা ন'ভাক জ'ক'ভিচ ৷ ফাইনেলত জ'ক'ভিচক পৰাস্ত কৰি খিতাপ জয় কৰিলে এইয়া ফেডেৰাৰৰ নৱম সংখ্যক উইম্বলডন খিতাপ হ'ব ৷ জুলাইৰ 14 তাৰিখে পুৰুষৰ এই ফাইনেল মেচখন অনুষ্ঠিত হ'ব ৷