ETV Bharat / sports

গৰ্ভধাৰণৰ পাচত পুনৰ কৰ্টলৈ উভতি অহাক লৈ অনিশ্চয়তাত আছিলো : ছানিয়া

author img

By

Published : Nov 25, 2020, 10:28 PM IST

গৰ্ভধাৰণৰ পাচত পুনৰ কৰ্টলৈ উভতি অহাক লৈ অনিশ্চয়তাত আছিল বুলি মন্তব্য ছানিয়াৰ ৷

ছানিয়া মিৰ্জা
ছানিয়া মিৰ্জা

স্পৰ্টছ ডেস্ক, 25 নৱেম্বৰ : গৰ্ভধাৰণৰ ফলত শৰীৰৰ ওজন বৃদ্ধি পোৱা বাবে কৰ্টলৈ উভতি অহাক লৈ অনিশ্চয়তাত ভুগিছিল বুলি মন্তব্য ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ ৷

পাকিস্তানৰ ক্ৰিকেটাৰ ছোয়েইব মালিকৰ সৈতে 2010 চনত বিবাহপাশত আবদ্ধ হোৱা ছানিয়াই 2018 চনৰ অক্টোবৰত এটি পুত্ৰ সন্তান জন্ম দিছিল ৷ ইয়াৰ পাচত 2020 চনৰ জানুৱাৰী মাহত তেওঁ টেনিছ কৰ্টলৈ উভতি আহিছিল আৰু ইউক্ৰেইনিয়ান সংগী নাডিয়া কিচেনকৰ সৈতে 2020 WTA হাৱাৰ্ট ইন্টাৰনেশ্যনেলৰ ডাবলছ খিতাপ জয় কৰিছিল ৷

ছানিয়াই 'An Ode to All Mothers' নামৰ এখন পত্ৰত কৈছিল, "গৰ্ভৱতী আৰু এটি সন্তানৰ মাতৃ হোৱাৰ পাচত মই পূৰ্বতকৈ ভাল মানুহ হ'লো ৷"

তেওঁ কয়, "জীৱনত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ কৰাৰ অভিজ্ঞতা লাভ কৰি এই কথা বুজিলো যে, এগৰাকী মানুহ হিচাপে এই সময়ে আপোনাক সলনি কৰি তুলে ৷"

ইয়াৰ পাচতে তেওঁ ওজন হ্ৰাস কৰি কৰ্টলৈ উভতি অহাৰ বিষয়ে মন্তব্য কৰে ৷ 34 বৰ্ষীয় ছানিয়াই কয়, "গৰ্ভাৱস্থাৰ পাচত ফৰ্মলৈ উভতি অহাটো এক প্ৰত্যাহ্বান আৰু এই ক্ষেত্ৰত ছেৰেনা আৰু অন্য মহিলাসকলৰ সৈতে মই নিজকে মিলাই চাব পাৰিলো ৷ মই ভাবো এয়া সকলোৰে বাবে সাধাৰণ কিয়নো এয়া অনুমান কৰিব পৰা নাযায় যে, গৰ্ভধাৰণৰ পাচত আৰু গৰ্ভধাৰণৰ সময়ত আপোনাৰ দেহে কিদৰে প্ৰতিক্ৰিয়া কৰিব ৷"

তেওঁ কয়, "গৰ্ভধাৰণৰ সময়ত 23 কেজি ওজন বৃদ্ধি হৈছিল, মই অনিশ্চয়তাত আছিলো যে পুনৰ ফিট হ'ম নে আৰু টেনিছলৈ উভতিব পাৰিম নে ৷ কিন্তু মই ব্যায়াম আৰু কঠোৰ ডায়েটৰ জৰিয়তে 26 কেজি ওজন হ্ৰাস কৰিলো আৰু টেনিছলৈ উভতি আহিলো কিয়নো এয়াই মই কৰি ভাল পাঁও আৰু মই কৰো ৷"

লগতে পঢ়ক : আইচিচিৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত নিউজিলেণ্ডৰ গ্ৰেগ বাৰক্লে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.