ETV Bharat / sports

কৰ'ণা ভাইৰাছ : ইউএছ অ'পেনৰ পৰা নাম প্ৰত্যাহাৰ স্বিতলিনা, বাৰ্টেনছৰ - 31 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব ইউএছ অ'পেন

বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানৰ টেনিছ তাৰকা এলিনা স্বিতলিনা আৰু সপ্তম স্থানৰ কিকি বাৰ্টেনছে শুকুৰবাৰে ইউএছ অ'পেনৰ পৰা কৰ'ণা ভাইৰাছৰ বাবে নাম প্ৰত্যাহাৰ কৰে ৷ পূৰ্বেও, গ্ৰেণ্ডশ্লামৰ পৰা বিশ্বৰ শীৰ্ষ স্থানৰ এশ্লেই বাৰ্টিয়ে নাম প্ৰত্যাহাৰ কৰিছিল ৷

কৰ'ণা ভাইৰাছ
ইউএছ অ'পেনৰ পৰা নাম প্ৰত্যাহাৰ স্বিতলিনা, বাৰ্টেনছৰ
author img

By

Published : Aug 8, 2020, 7:12 PM IST

স্পৰ্টছ ডেস্ক, 8 আগষ্ট : বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানৰ টেনিছ তাৰকা এলিনা স্বিতলিনা আৰু সপ্তম স্থানৰ কিকি বাৰ্টেনছে শুকুৰবাৰে ইউএছ অ'পেনৰ পৰা কৰ'ণা ভাইৰাছৰ বাবে নাম প্ৰত্যাহাৰ কৰে ৷ পূৰ্বেও, গ্ৰেণ্ডশ্লামৰ পৰা বিশ্বৰ শীৰ্ষ স্থানৰ এশ্লেই বাৰ্টিয়ে নাম প্ৰত্যাহাৰ কৰিছিল ৷

উল্লেখ্য যে, 31 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব ইউএছ অ'পেন ৷ আনহাতে, চিনচিন্নাটি অ'পেন আয়োজন কৰা হ'ব 22 আগষ্টৰ পৰা ৷ আমেৰিকাত COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ ফলত টেনিছ তাৰকাসকল প্ৰতিযোগিতাত অংশগ্ৰহণক লৈ চিন্তিত হৈ পৰিছে ৷

টুইটাৰৰ জৰিয়তে স্বিতলিনাই মন্তব্য কৰে যে, "সকলো দিশৰ ওপৰত পৰ্যালোচনা কৰি মই ইউএছ অ'পেন, 2020 ত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ মই USTA, আয়োজক আৰু WTA ক খেলুৱৈসকলক খেলিবলৈ আৰু দৰ্শকক উপভোগ কৰিবলৈ সুবিধা দিয়া বাবে ধন্যবাদ জনাব বিচাৰো৷"

ইউএছ অ'পেনৰ পৰা নাম প্ৰত্যাহাৰ স্বিতলিনা, বাৰ্টেনছৰ
এলিনা স্বিতলিনা

তেওঁ লগতে কয়, "সুৰক্ষিত পৰিৱেশত তেওঁলোকে ইভেন্টৰ আয়োজন কৰিবলৈ চেষ্টা কৰোটো মই বুজি পাঁও আৰু ইয়াক সন্মান কৰো, কিন্তু মই নিজৰ জীৱনলৈ সংকট আনি আমেৰিকা ভ্ৰমণ কৰিবলৈ সুবিধাজনক বুলি ভবা নাই ৷"

আনহাতে, ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে বাৰ্টেনছে ৷ তেওঁ কয়, "বহু চিন্তাৰ পাচত, মই চিনচিন্নাটি আৰু ইউএছ অ'পেনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ COVID-19 ৰ পৰিস্থিতি ভয়ংকৰ আৰু ভাইৰাছবিধৰ নিয়ন্ত্ৰণ বৰ্তমান সময়ত অধিক প্ৰয়োজনীয় হৈ পৰিছে ৷"

তেওঁ লগতে কয়, "ভ্ৰমণৰ পৰা উভতি অহাৰ পাচত আমি 14 দিনৰ বাবে কোৱাৰেন্টাইন হ'ব লাগিব বুলি আমাৰ প্ৰধানমন্ত্ৰীয়ে জনাইছে ৷ এটা দল হিচাপে আমি এই কথাৰ সন্মান কৰো আৰু ইয়াৰ প্ৰভাৱ আমাৰ ৰোম আৰু পেৰিছৰ ক্লে কৰ্ট টুৰ্ণামেন্টত পৰিব পাৰে ৷ মই আশা কৰো যে, পৰিস্থিতি অতি সোনকালে ভাল হৈ উঠিব আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিলো ৷"

উল্লেখ্য যে, ইউএছ অ'পেনৰ পুৰুষৰ শাখাৰ পৰা ইতিমধ্যেই নাম প্ৰত্যাহাৰ কৰিছে ডিফেণ্ডিং চেম্পিয়ন ৰাফেল নাডাল আৰু অষ্ট্ৰেলিয়াৰ তাৰকা নিক কিৰ্গিয়োছে ৷

লগতে পঢ়ক : ভাৰতত অনুষ্ঠিত হ’ব 2021 চনৰ টি-20 বিশ্বকাপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.