ETV Bharat / sports

দৰ্শক বিহীনভাৱে খেলাতকৈ বাতিল হ'ব লাগে গ্ৰেণ্ডশ্লাম : পেত্ৰা কেভিট'ভা - grand slams cancel rather than play without fans

দৰ্শক বিহীনভাৱে মেচ অনুষ্ঠিত কৰা চিন্তাক অসমৰ্থন জনাইছে টেনিছ খেলুৱৈ পেত্ৰা কেভিট'ভাৰ । গ্ৰেণ্ডশ্লামত খেলা এক ডাঙৰ কথা আৰু ইয়ালৈ মেচ চাবলৈ অহা দৰ্শকসকল খেলুৱৈৰ শক্তিৰ উৎস । গতিকে দৰ্শক বিহীনভাৱে খেলা উচিত নহয় আৰু গ্ৰেণ্ডশ্লামত এনে কৰিব নালাগে বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

petra kvitova would rather cancel grand slams than play without fans

author img

By

Published : May 26, 2020, 3:42 PM IST

স্পৰ্টছ ডেস্ক, ২৬ মে': COVID-১৯ মহামাৰীৰ ফলত বৰ্তমান বিশ্বজুৰি স্তব্ধ হৈ ৰৈছে সকলো ক্ৰীড়া কাৰ্যকলাপ । বহু কেইটা প্ৰতিযোগিতা বাতিল কৰাৰ বিপৰীতে বহু কেইটা প্ৰতিযোগিতা স্থগিত কৰা হৈছে । ইপিনে COVID-১৯ৰ পাচত প্ৰতিযোগিতা অনুষ্ঠিত কৰাকলৈ বিভিন্ন চিন্তা-চৰ্চা অব্যাহত আছে । ইয়াৰ মাজতে এটা চৰ্চাৰ বিষয় হৈছে দৰ্শকৰ উপস্থিতি । বহু কেইটা প্ৰতিযোগিতা খালি ষ্টেডিয়াম অৰ্থাৎ দৰ্শক বিহীনভাৱে আয়োজনৰ জল্পনা-কল্পনা চলি থকাৰ মাজতেই টেনিছ খেলুৱৈ পেত্ৰা কেভিট'ভাৰ পৰা আহিছে এক প্ৰতিক্ৰিয়া ।

দুবাৰকৈ উইম্বলডন চেম্পিয়ন খেলুৱৈগৰাকীয়ে কৰ'ণা ভাইৰাছৰ ফলত দৰ্শক বিহীনভাৱে মেচ খেলাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । লগতে তেনেস্থলত তেওঁ গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতা বাতিল কৰাকহে প্ৰথমে অগ্ৰাধিকাৰ দিব বুলি উল্লেখ কৰে ।

চেক গণৰাজ্য়ৰ খেলুৱৈগৰাকীয়ে ৰ'জাৰ ফেডেৰাৰে কোৱা কথাৰ সমৰ্থন কৰি এই কথা উল্লেখ কৰিছে । ছুইজাৰলেণ্ডৰ টেনিছ তাৰকা ফেডেৰাৰেও বিগত সপ্তাহত ফ্ৰেন্স অ'পেন আৰু ইউএছ অ'পেন খালী ষ্টেডিয়ামত আয়োজন কৰাকলৈ আপত্তি দৰ্শাইছিল ।

মহিলা টেনিছ খেলুৱৈগৰাকীয়ে গ্ৰেণ্ডশ্লামত খেলা বহু ডাঙৰ কথা বুলি উল্লেখ কৰি আমাৰ বাবে ইয়াত মেচ চাবলৈ অহা দৰ্শক সকলেই আমাৰ শক্তিৰ উৎস বুলি অভিহত কৰি তেওঁলোকৰ অবিহনে মেচ খেলা উচিত নহ'ব আৰু গ্ৰেণ্ডশ্লামত এনে কৰিব নালাগে বুলি উল্লেখ কৰে ।

COVID-১৯ ৰ বাবেই উইম্বলডন বাতিল কৰাৰ বিপৰীতে ফ্ৰেন্স অ'পেন ছেপ্তেম্বৰলৈ স্থগিত ৰখা হৈছে । আনহাতে WTA tour ৰো ২০ জুলাইৰ পূৰ্বে আৰম্ভ নহয় । কৰ'ণা ভাইৰাছৰ ফলত বাৰুকৈ প্ৰভাৱিত হৈছে ক্ৰীড়া জগত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.