স্পৰ্টছ ডেস্ক, 2 ফেব্ৰুৱাৰীঃ দেওবাৰে অষ্ট্ৰেলিয়ানৰ অ’পেনৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল ছাৰ্বিয়াৰ টেনিছ তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিজে ৷ অষ্ট্ৰিয়াৰ ডোমিনিক থীমক 6-4, 4-2, 2-6, 6-3, 6-4 ছেটত পৰাস্ত কৰি কেৰিয়াৰৰ অষ্টমটো অ’ষ্ট্ৰেলিয়ান অ’পেনৰ লগতে লাভ কৰিলে 17 সংখ্যক গ্ৰেণ্ডশ্লাম ৷
-
When 2005 #AusOpen champion Marat Safin meets 2008, 2011, 2012, 2013, 2015, 2016, 2019 and 2020 champion, @DjokerNole.#AO2020 pic.twitter.com/8CBNBFhfDw
— #AusOpen (@AustralianOpen) February 2, 2020 " class="align-text-top noRightClick twitterSection" data="
">When 2005 #AusOpen champion Marat Safin meets 2008, 2011, 2012, 2013, 2015, 2016, 2019 and 2020 champion, @DjokerNole.#AO2020 pic.twitter.com/8CBNBFhfDw
— #AusOpen (@AustralianOpen) February 2, 2020When 2005 #AusOpen champion Marat Safin meets 2008, 2011, 2012, 2013, 2015, 2016, 2019 and 2020 champion, @DjokerNole.#AO2020 pic.twitter.com/8CBNBFhfDw
— #AusOpen (@AustralianOpen) February 2, 2020
উল্লেখ্য যে, অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত আঠবাৰৰ বাবে প্ৰৱেশ কৰি আঠবাৰেই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে ৷ 3 ঘণ্টা 59 মিনিটলৈ চলা সংঘৰ্ষ পূৰ্ণ মেচখনত নিজৰ অভিজ্ঞতাৰ পৰিচয় দাঙি ধৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হয় জ’ক’ভিজে ৷
ইপিনে ডোমিনিক থীমৰ এইটো আছিল তৃতীয় সংখ্যক গ্ৰেণ্ডশ্লাম ফাইনেল মেচ ৷ থীমে কোৱাৰ্টাৰ ফাইনেলত ৰাফেল নাডালক পৰাস্ত কৰাৰ বিপৰীতে এলেক্সজেণ্ডাৰ জেভেৰেভক ছেমিফাইনেলত পৰাস্ত কৰি প্ৰৱেশ কৰিছিল ফাইনেলত ৷ আনহাতে ৰ’জাৰ ফেডেৰাৰক পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ন’ভাক জ’ক’ভিজে ৷ বৰ্তমান ৰ’জাৰ ফেডেৰাৰৰ নাম 20 টা গ্ৰেণ্ডশ্লাম খিতাপ থকাৰ বিপৰীতে নাডালৰ নামত আছে 19 টা গ্ৰেণ্ডশ্লাম খিতাপ ৷