ETV Bharat / sports

কৰ'ণা পজিটিভ বিশ্বৰ শীৰ্ষ স্থানৰ টেনিছ খেলুৱৈ ন'ভাক জ'ক'ভিচ - Viktor Troicki

আড্ৰিয়া ট্যুৰ : ডিমিট্ৰভ, কোৰিক, ট্ৰ'ইকীৰ পাচতেই কৰ'ণা পজিটিভ বিশ্বৰ শীৰ্ষ স্থানৰ টেনিছ খেলুৱৈ ন'ভাক জ'ক'ভিচ । উল্লেখ্য় যে, চাৰিও ন'ভাক জ'ক'ভিচৰ সংস্থাৰ দ্বাৰা আয়োজিত আড্ৰিয়া ট্যুৰত প্ৰদৰ্শনী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ।

Novak Djokovic tests positive for COVID-19

author img

By

Published : Jun 23, 2020, 8:21 PM IST

Updated : Jun 24, 2020, 3:40 PM IST

স্পৰ্টছ ডেস্ক, 23 জুনঃ ক্ৰীড়াজগতৰ এক ডাঙৰ খবৰ । আড্ৰিয়া ট্যুৰত অংশগ্ৰহণ কৰা বিশ্বৰ শীৰ্ষ স্থানৰ টেনিছ ৰেংকিঙ খেলুৱৈ ন'ভাক জ'ক'ভিচ কৰ'ণা পজিটিভ । বুলগেৰিয়াৰ গ্ৰিগোৰ ডিমিট্ৰভ আৰু ক্ৰোয়েচিয়াৰ খেলুৱৈ বাৰ্ণা কোৰিকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি পোৱাৰ এদিন পাচতেই ক্ৰোয়েচিয়াৰ ভিক্টৰ ট্ৰ'ইকী আৰু তেওঁৰ পত্নীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ বীজাণু । শেহতীয়াকৈ ন'ভাক জ'ক'ভিচ দেহতো ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি ।

উল্লেখ্য় যে, চাৰিও খেলুৱৈয়ে ন'ভাক জ'ক'ভিচৰ সংস্থাৰ দ্বাৰা আয়োজিত আড্ৰিয়া ট্যুৰত প্ৰদৰ্শনী প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল । ন'ভাক জ'ক'ভিচয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁৰ লগতে পত্নী জেলেনাৰ কৰ'ণা পৰীক্ষাৰ ফলাফল পজিটিভ পোৱাৰ লগতে তেওঁৰ সন্তানৰ ফলাফল নিগেটিভ পোৱা গৈছে । খেলুৱৈগৰাকীয়ে এই অনাকাংক্ষিত ঘটনাৰ বাবে সকলোকে ক্ষমা প্ৰাৰ্থনা বিচাৰি 14 দিনৰ বাবে ছেল্ফ আইচ'লেচনত থকাৰ কথা সদৰি কৰে ।

জ'ক'ভিচৰ পূৰ্বে পোন প্ৰথমে বুলগেৰিয়াৰ গ্ৰিগোৰ ডিমিট্ৰভ তাৰ পাচত ক্ৰয়োচিয়াৰ বাৰ্ণা কোৰিক আৰু শেহতীয়াকৈ ক্ৰয়োচিয়াৰে ভিক্টৰ ট্ৰ'ইকী আৰু তেওঁৰ পত্নীৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

ভিক্টৰ ট্ৰাইকী
ভিক্টৰ ট্ৰ'ইকী

ট্ৰ'ইকীয়ে এই সন্দৰ্ভত কৈছিল, মই আৰু মোৰ পত্নীয়ে যোৱা শুকুৰবাৰে পৰীক্ষা কৰাইছিলো । যিটোৰ ফলাফল পজিটিভ পোৱা গৈছে । মোৰ কন্যাৰ পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা গৈছে ।

ইয়াৰ পূৰ্বে কোৰিকে টুইটাৰ যোগে নিজৰ কৰ'ণা পজিটিভিৰ কথা স্পষ্ট কৰিছিল । লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে পৰীক্ষা কৰাবলৈও আহ্বান জনাইছিল ।

আনহাতে পোন প্ৰথমে পজিটিভ পোৱা ডিমিট্ৰভেও ইনষ্টাগ্ৰামত নিজৰ কৰ'ণা পজিটিভৰ কথা উল্লেখ কৰি তেওঁৰ সংস্পৰ্শলৈ অহা লোকক পৰীক্ষাৰ আহ্বান জনাইছিল । দুয়ো খেলুৱৈয়ে আনকি অনিচ্ছাকৃত ভাৱে অন্য লোকক আঘাত কৰাৰ বাবে ক্ষমা প্ৰাৰ্থনাও বিচাৰিছিল ।

কিন্তু কোৰিকৰ কৰ'ণা পজিটিভৰ কথা পোহৰলৈ অহাৰ পাচতেই নিক'লাছ ক্ৰিগিওছ ক্ষোভিত হৈ পৰিছিল । টুইটাৰত এক প'ষ্ট শ্বেয়াৰ কৰি তেওঁ নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল । তেওঁ কৈছিল, এনে পৰিস্থিতিত প্ৰদৰ্শনী মেচ আয়োজন কৰাটো মুৰ্খামি বুলি উল্লেখ কৰি সতীৰ্থ সকলৰ সোনকালে আৰোগ্য় কামনা কৰিছিল । আনহাতে যেতিয়া কোনোৱে নীতি-নিয়ম উলংঘন কৰে এনেকুৱাই হয় বুলি উল্লেখ কৰাৰ লগতে এইয়া কৌতুক নহয় বুলি কৈছিল খেলুৱৈগৰাকীয়ে ।

Last Updated : Jun 24, 2020, 3:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.