স্পৰ্টছ ডেস্ক,27 ছেপ্টেম্বৰ : অষ্ট্ৰেলিয়াৰ টেনিছ তাৰকা নিক কিৰিয়ছলৈ এচ'ছিয়েচন অৱ টেনিছ প্ৰফেছনেলছে (ATP) 16 সপ্তাহৰ নিষেধাজ্ঞা আৰোপ কৰিছে ৷ চিনচিন্নাটি মাষ্টাৰ্ছ টুৰ্ণামেন্টত কৰা অভদ্ৰ আচৰণৰ বাবে এটিপিৰ নিৰ্দেশাৱলী ভংগ কৰাৰ অভিযোগত তেওঁক এই শাস্তি প্ৰদান কৰা হৈছে ৷
এটিপিয়ে এই সম্পৰ্কত মন্তব্য কৰে,"নিক কিৰয়ছক 16 সপ্তাহৰ নিষেধাজ্ঞা প্ৰদান কৰাৰ লগতে 25,000 আমেৰিকান ডলাৰৰ জৰিমনা বিহা হৈছে ৷ পাঁচদিনৰ ভিতৰত তেওঁ কোনো আবেদন কৰিলে সেয়া বিচাৰাধীন হ'ব ৷"
উল্লেখ্য যে,চিনচিন্নাটি মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত ৰাছিয়াৰ কাৰেন খাছানোভৰ হাতত পৰাস্ত হোৱাৰ পাছতে ক'ৰ্টত ব্যৱহৃত বলক অসন্মান, অনুমতিবিহীনভাৱে ক'ৰ্ট ত্যাগ,অশ্লীল ভাষাৰ প্ৰয়োগ আৰু অক্ৰীড়াসূলভ আচৰণ প্ৰদৰ্শন কৰিছিল নিক কিৰিয়ছে ৷