স্পৰ্টছ ডেস্ক, ১৯ মে': ইটালিয়ান অ'পেনৰ ফাইনেলত মুখামুখি হ'ব বিশ্বৰ শীৰ্ষ স্থানৰ দুই টেনিছ তাৰকা ন'ভাক জ'ক'ভিজ আৰু ৰাফেল নাডাল । ক্লে ক'ৰ্ট টুৰ্ণামেন্টত একেৰাহে তিনিবাৰকৈ ছেমিফাইনেলত মুখ ঠেকেচা খোৱাৰ পাছত স্পেইনৰ নাডালে ইটালিয়ান অ'পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে ।
জ'ক'ভিজে ছেমিফাইনেলত আৰ্জেন্টিনাৰ ডিয়েগো শ্বাৰ্টজমেনক ২ ঘন্টা ৩১ মিনিটৰ যুঁজত ৬ - ৩, ৬- ৭(২), ৬ - ৩ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ১৭ বাৰকৈ গ্ৰেণ্ডশ্লাম দখলকাৰী নাডালে ফাইনেলত প্ৰৱেশৰ পূৰ্বে ষ্টেফান'ছ ছিতছিপাছক 6 - 3, 6 - 4 ছেটত পৰাস্ত কৰে । ইয়াপ পূৰ্বে দুয়োগৰাকী খেলুৱৈয়ে ৫৪ বাৰৰ বাবে ইজনে সিজনৰ মুখামুখি হৈছে আৰু জ'ক'ভিজে ২৮ - ২৫ ত অগ্ৰগতি লাভ কৰি আছে ।