ETV Bharat / sports

এটিপি ফাইনেলছৰ প্ৰথমখন মেচত ডমিনিক থিয়েমৰ হাতত পৰাস্ত ষ্টেফানোছ

author img

By

Published : Nov 16, 2020, 11:34 AM IST

এটিপি ফাইনেলছ টুৰ্ণামেন্টৰ প্ৰথমখন মেচত ষ্টেফানোছক পৰাস্ত কৰে থিয়েমে ৷ 7-6(5), 4-6, 6-3 ছেটত ষ্টেফানোছক পৰাস্ত কৰে থিয়েমে ৷

এটিপি ফাইনেলছৰ অপেনাৰ
ডমিনিক থিয়েমৰ হাতত পৰাস্ত ষ্টেফানোছ

স্পৰ্টছ ডেস্ক, 16 নৱেম্বৰ : এটিপি ফাইনেলছ টুৰ্ণামেন্টৰ প্ৰথমখন মেচত গ্ৰীচৰ ষ্টেফানোছ টিছিটছিপাচক পৰাস্ত কৰে অষ্ট্ৰিয়াৰ ডমিনিক থিয়েমে ৷ বিশ্ব ৰেংকিঙৰ তৃতীয় স্থানৰ ডমিনিকে 7-6(5), 4-6, 6-3 ছেটত পৰাস্ত কৰে ষষ্ঠ ৰেংকিঙৰ ষ্টেফানোছক ৷ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ মেচত দুঘন্টা সোতৰ মিনিটৰ যুঁজত ষ্টেফানোছক পৰাস্ত কৰিবলৈ সক্ষম হয় থিয়েম ৷

উল্লেখ্য যে, যোৱা বছৰ এই টুৰ্ণামেন্টৰ ফাইনেলত ষ্টেফানোছৰ হাতত পৰাস্ত হৈছিল থিয়েম ৷ এইবছৰ সেই পৰাজয়ৰ পোতক তুলিবলৈ সক্ষম হয় থিয়েমে ৷ প্ৰথম দুটা ছেটত দুয়োগৰাকী প্ৰতিদ্বন্দীয়ে কঠিন যুঁজ দিয়ে যদিও তৃতীয় ছেটত থিয়েমে দূৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই মেচখন নিজৰ দখললৈ আনে ৷

মেচৰ অন্তত থিয়েমে কয়, "যোৱা চাৰি বছৰত মই অভিজ্ঞতা লাভ কৰিলো যে, টুৰ্ণামেন্টৰ প্ৰথমখন মেচত জয়ী হ'লেহে টুৰ্ণামেন্টৰ আৰম্ভণি ভাল হয় ৷ মই সুখী যে, সেয়া কৰিব পাৰিলো ৷"

2008 চনত ৰজাৰ ফেডেৰাৰৰ পাচত ষ্টেফানোছেই হৈছে প্ৰথমজন ডিফেণ্ডিং চেম্পিয়ন যিজনে এই টুৰ্ণামেন্টৰ প্ৰথমখন মেচতে পৰাজয়বৰণ কৰে ৷ ষ্টেফানোছে মেচৰ অন্তত কয়, "তেওঁ মোৰ ছাৰ্ভৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিলে আৰু সময় লৈ মোৰ ওপৰত অধিক চাপ প্ৰয়োগ কৰিলে ৷ ইয়াৰ বাবে তেওঁ সফল হ'ল ৷"

উল্লেখ্য যে, বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ ৰাফাল নাডালে ৰাছিয়াৰ আন্দ্ৰে ৰোবলেভৰ বিৰুদ্ধে অৱতীৰ্ণ হয় ৷ আনহাতে, সোমবাৰে প্ৰথমখন মেচত ডেভিদ স্বোৱাৰ্টজমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হয় নভাক জক'ভিচ ৷

লগতে পঢ়ক : ফুটবলক বিদায় জনালে আৰ্জেন্টিনাৰ জেভিয়াৰ মাছেৰানুয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.