স্পৰ্টছ ডেস্ক, 2 ডিচেম্বৰ: পাকিস্তানৰ বিৰুদ্ধে 29 নৱেম্বৰ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ডেভিছ কাপত বৃহৎ জয় ভাৰতৰ ৷ সুদীৰ্ঘ 13টা বছৰ পাচত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল দুয়োখন দেশৰ মাজত ডেভিছ কাপৰ প্ৰতিযোগিতা ৷ কাজাখাস্তানৰ নুৰ চুলতান চহৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷ য’ত 4-0 ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে ৷ পাকিস্তানক পৰাস্ত কৰি ভাৰতে 2020ত অনুষ্ঠিত হ’বলগীয়া মেচত ক্ৰৱেছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এই বৃহৎ জয়ৰ পাচতে সোমবাৰে স্ব-গৃহত উপস্থিত হ’ব ৰোহিত ৰাজপাল নেতৃত্বাধীন ভাৰতীয় দলটো ৷
পাকিস্তানৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে 2003 চনত মুম্বাইত মুখামুখি হৈছিল ভাৰত ৷ য’ত 3-2 ব্যৱধানত জয় লাভ কৰিছিল ভাৰতে ৷
- লগতে চাওক-জ ৰুটৰ দ্বি-শতক,অগ্ৰগতি ইংলেণ্ডৰ