ETV Bharat / sports

মল্লযুঁজ বিশ্বকাপ : ফ্ৰিষ্টাইলত ৰাছিয়াৰ চাৰিটা স্বৰ্ণ জয় - ৰাছিয়াৰ ৰাজামবেক জামালোভ

ছাৰ্বিয়াত আয়োজিত মল্লযুঁজ বিশ্বকাপৰ ফ্ৰিষ্টাইলত দমন অব্যাহত ৰাখিছে ৰাছিয়াই ৷ ৰাছিয়াৰ মল্লযুঁজাৰুয়ে দখল কৰিছে চাৰিটাকৈ স্বৰ্ণ ৷

মল্লযুঁজ বিশ্বকাপ
ফ্ৰিষ্টাইলত ৰাছিয়াৰ চাৰিটা স্বৰ্ণ জয়
author img

By

Published : Dec 18, 2020, 1:34 PM IST

স্পৰ্টছ ডেস্ক, 18 ডিচেম্বৰ : ছাৰ্বিয়াত আয়োজিত মল্লযুঁজ বিশ্বকাপৰ ফ্ৰিষ্টাইলত দমন অব্যাহত ৰাখিছে ৰাছিয়াই ৷ ৰাছিয়াৰ মল্লযুঁজাৰুয়ে দখল কৰিছে চাৰিটাকৈ স্বৰ্ণ ৷

2019 বৰ্ষৰ U23 বিশ্ব চেম্পিয়ন ৰাছিয়াৰ ৰাজামবেক জামালোভে বৃহস্পতিবাৰে অনুষ্ঠিত মেচত দুবাৰৰ বিশ্ব চেম্পিয়ন ইটালীৰ ফ্ৰেঙ্ক চেমিজোক 4-2 ছেটত পৰাস্ত কৰে ৷ ইয়াৰ ফলত জামালোভে 74 কেজি ফ্ৰিষ্টাইল শাখাত দখল কৰে স্বৰ্ণ পদক ৷

মেচৰ অন্ত পৰিবলৈ 2 ছেকেণ্ড বাকী থকা অৱস্থাতে চেমিজোৰ বিৰুদ্ধে দুই পইন্ট সংগ্ৰহ কৰি স্বৰ্ণ পদক জয় কৰে জামালোভে ৷

আনহাতে, বৃহস্পতিবাৰৰ দিনা স্বৰ্ণ জয় কৰা ৰাছিয়াৰ অন্য মল্লযুঁজাৰুসকল হৈছে 57 কেজি শাখাত জাভুৰ উগুৱেভ, 92 কেজি শাখাত আলিখান জাব্ৰেইলভ আৰু 125 কেজি শাখাত শামিল চাৰিপোভ ৷

আনহাতে, পোলেণ্ডৰ হৈ 70 কেজি শাখাত এটা স্বৰ্ণ পদক জয় কৰে মাগোমেডমোৰাদ গাডজিয়েভে ৷ 2020 ইউৰোপিয়ান ব্ৰঞ্জ পদকজয়ী তুৰ্কীৰ হায়দৰ য়াভুজে আঘাতৰ বাবে মেচ প্ৰত্যাহাৰ কৰাৰ ফলত গাডজিয়েভক জয়ী ঘোষণা কৰা হয় ৷

লগতে পঢ়ক : ষ্টাৰ্ক, কামিনছৰ প্ৰদৰ্শনেৰে ভাৰতক 244 ৰাণত সীমাবদ্ধ অষ্ট্ৰেলিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.