ETV Bharat / sports

Wrestlers Protest : সামাজিক মাধ্যমৰ পৰা বিৰতি প্ৰতিবাদী মল্লযুঁজাৰুৰ

author img

By

Published : Jun 26, 2023, 12:32 PM IST

আজি কিছুদিন আগলৈ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ইয়াৰ মাজতে মল্লযুঁজাৰু বিনেশ ফোগাট আৰু সাক্ষী মালিকৰ গুৰুত্বপূৰ্ণ ঘোষণা । কিছু দিনৰ বাবে সামাজিক মাধ্যমৰ পৰা তেওঁলোকে বিৰতি ল'ব ।

Wrestlers Protest
সামাজিক মাধ্যমৰ পৰা বিৰতি প্ৰতিবাদী মল্লযুঁজাৰুৰ

স্পৰ্টছ ডেস্ক,২৬ জুন : যৌন নিৰ্যাতনৰ গোচৰত ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত চলি থকা আন্দোলনৰ পৰা বিৰতি লৈছে একাংশ মল্লযুঁজাৰুৱে । মহিলা মল্লযুঁজাৰু বিনেশ ফোগাট আৰু সাক্ষী মালিকে টুইটযোগে জনোৱা মতে তেওঁলোকে অহা কেইদিনমানৰ বাবে সামাজিক মাধ্যমৰ পৰা বিৰতি ল'ব । কিয়নো এছিয়ান গেমছ সন্মুখত । এই প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাব মল্লযুঁজাৰুসকলে ।

  • थोड़े दिन के लिये सोशल मीडिया से ब्रेक ले रही हूँ.. आप सबका धन्यवाद 🙏

    — Vinesh Phogat (@Phogat_Vinesh) June 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশ্যে, মল্লযুঁজাৰুসকলে সামাজিক মাধ্যমৰ পৰা বিৰতি লোৱাৰ কাৰণ উল্লেখ কৰা নাই । এনে পৰিস্থিতিত, অনুৰাগীসকলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিভিন্ন মহলত প্ৰশ্নও উত্থাপন হৈছে । সাক্ষী মালিক আৰু বিনেশ ফোগাটৰ অনুৰাগীসকলে টুইটাৰত তেওঁলোকৰ এই সিদ্ধান্ত সন্দৰ্ভত নিৰন্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে । একাংশ লোকে মল্লযুঁজাৰুসকলক প্ৰশ্ন কৰিছে আনহাতে একাংশই আকৌ তেওঁলোকক সমৰ্থন জনাইছে ।

  • मैं भी थोड़े दिन के लिये सोशल मीडिया से ब्रेक ले रही हूँ.. आप सबका धन्यवाद 🙏 @Phogat_Vinesh

    — Sakshee Malikkh (@SakshiMalik) June 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিনেশ ফোগাটে টুইটত কয় যে ৭ জুনত অনুষ্ঠিত আলোচনাত চৰকাৰে মল্লযুঁজাৰুসকলক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে । মহিলা নিৰ্যাতন আৰু যৌন নিৰ্যাতন সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত ৬ গৰাকী মহিলা মল্লযুঁজাৰুৰ দ্বাৰা দাখিল কৰা এজাহাৰৰ পুংখানুপুংখ তদন্ত কৰিছে আৰু ১৫ জুনত আদালতত অভিযোগনামা দাখিল কৰিছে । এই ক্ষেত্ৰত, ন্যায় লাভ নকৰালৈ মল্লযুঁজাৰুসকলৰ যুঁজ ৰাস্তাৰ পৰিৱৰ্তে আদালতৰ মজিয়াত চলিব ।

বিনেশ ফোগাটে টুইটত লিখিছে যে মল্লযুঁজ ফেডাৰেশ্যনৰ সংস্কাৰ সন্দৰ্ভত নতুন ফেডাৰেশ্যনৰ নিৰ্বাচন প্ৰক্ৰিয়া প্ৰতিশ্ৰুতি অনুসৰি আৰম্ভ হৈছে । এই সন্দৰ্ভত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰা হ'ব নে নহয় তাৰ বাবে অপেক্ষা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

একে সময়তে, মল্লযুঁজাৰুসকলে ১০ আগষ্টৰ পাছত এছিয়ান গেমছৰ পৰীক্ষণ অনুষ্ঠিত কৰাৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ক দাবী জনাইছে । এই সন্দৰ্ভত মল্লযুঁজাৰু সাক্ষী মালিকে টুইটাৰত উল্লেখ কৰা মতে প্ৰতিবাদী মল্লযুঁজাৰুসকলে কেৱল পৰীক্ষণৰ বিষয় উল্লেখ কৰি হে পত্ৰখন লিখিছিল কিয়নো যোৱা ৬ মাহ ধৰি আন্দোলনত জড়িত থকাৰ বাবে তেওঁলোকে অনুশীলন কৰিব পৰা নাছিল । মালিকে পত্ৰখন টুইটাৰত শ্বেয়াৰ কৰি কয় যে এই বিষয়টোৰ গম্ভীৰতা বুজি পোৱাৰ বাবে তেওঁ পত্ৰখন শ্বেয়াৰ কৰিছে । তেওঁৰ মতে শত্ৰুৱে মল্লযুঁজাৰুসকলৰ একতা ভাঙিব বিচাৰে । তেওঁক সফল হ'বলৈ নিদিবলৈও মালিকে আহ্বান জনায় ।

  • हम आंदोलित पहलवानों ने ट्रायल्स को सिर्फ़ आगे बढ़ाने के लिए चिट्ठी लिखी थी, क्योंकि पिछले 6 महीने से आंदोलन में शामिल होने के कारण हम प्रैक्टिस नहीं कर पाए.

    इस मामले की गंभीरता को हम समझते हैं इसलिए यह चिट्ठी आपसे साझा कर रहे. दुश्मन पहलवानों की एकता में सेंध लगाना चाहता है.… pic.twitter.com/JYE0qkyT3j

ইফালে ভাৰতীয় অলিম্পিক সন্থাই আগন্তুক চেম্পিয়নশ্বিপৰ বাবে ৩০ জুনৰ ভিতৰত ক্ৰীড়া সংস্থাসমূহৰ পৰা খেলুৱৈৰ তালিকা বিচাৰিছে । এনে পৰিস্থিতিত, ভাৰতীয় অলিম্পিক সন্থাই ১৫ জুলাইৰ ভিতৰত সকলো ভাৰতীয় খেলুৱৈৰ নাম অলিম্পিক পৰিষদলৈ প্ৰেৰণ কৰিব লাগিব । অৱশ্যে, সন্থাই মল্লযুঁজৰ ক্ষেত্ৰত অলিম্পিক পৰিষদৰ পৰা ১০ আগষ্টলৈকে সময় বিচাৰিছে ।

লগতে পঢ়ক :Asian Games 2023 : মল্লযুঁজাৰুৰ দাবী সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰালয়ে ল'ব সিদ্ধান্ত- কল্যাণ চৌবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.