ETV Bharat / sports

কাৰগাৰৰ ভিতৰত এটা টিভি লাগে সুশীল কুমাৰক - সুশীল কুমাৰ

কাৰাগাৰত টেলিভিশ্যনৰ ব্যৱস্থা কৰি দিয়াৰ আবেদন তিহাৰ কাৰাগাৰত বন্দী মল্লযোদ্ধা সুশীল কুমাৰৰ ৷ মল্লযোদ্ধা সাগৰ ৰানাৰ হত্যাৰ গোচৰত জড়িত থকাৰ অভিযোগত তিহাৰ কাৰাগাৰত বন্দী হৈ আছে সুশীল কুমাৰ ৷

Del_ndl_01_sushil kumar demands for tv in his cell_vis_7203412
কাৰগাৰত টিভিৰ দাবী মল্লযোদ্ধা সুশীল কুমাৰৰ
author img

By

Published : Jul 4, 2021, 4:46 PM IST

নেশ্যনেল ডেস্ক, 4 জুলাই : মল্লযোদ্ধা সাগৰ ৰানাৰ হত্যাৰ গোচৰত জড়িত থকাৰ অভিযোগত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা মল্লয়ুঁজাৰু সুশীল কুমাৰে কাৰাগাৰৰ ভিতৰত এটা টেলিভিশ্যনৰ ব্যৱস্থা কৰি দিবৰ বাবে আবেদন জনাইছে ৷ টেলিভিশ্যনৰ ব্যৱস্থা কৰি দিবৰ বাবে সুশীল আনকি কাৰগাৰ কৰ্তৃপক্ষকো অৱগত কৰিছে ৷ জানিব পৰা মতে, কাৰাগাৰ কৰ্তৃপক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰি সুশীল কুমাৰে তেওঁ কাৰাগাৰৰ ভিতৰত অকলে থাকি ভাল পোৱা নাই আৰু সেয়ে তেওঁক এটা টেলিভিশ্যনৰ ব্যৱস্থা কৰি দিব লাগে বুলি আহ্বান জনায় ৷

প্ৰাপ্ত তথ্য অনুসৰি, টেলিভিশ্যনৰ বাবে কুমাৰৰ আহ্বান ইতিমধ্যে কৰ্তৃপক্ষৰ কাষ পাইছে ৷ যদিহে তিহাৰ কাৰাগাৰৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে ভাৱে যে, সুশীল কুমাৰক সঁচাকৈয়ে এটা টেলিভিশ্যনৰ প্ৰয়োজন তেন্তে ইয়াৰ বাবে ব্যৱস্থা লোৱা হ'ব ৷ অৱশ্যে সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ পাচতহে কাৰাগাৰ কৰ্তৃপক্ষই যিকোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৷

জানিব পৰা মতে, বৰ্তমান সুশীল কুমাৰক কেৱল কাৰাগাৰত উপলব্ধ খাদ্যৰহে যোগান ধৰা হৈছে ৷ অৱশ্যে তেওঁৰ খাদ্যৰ পৰিমাণ বঢ়াই দিয়া হৈছে ৷ ইয়াৰ পূৰ্বে কুমাৰে ৰোহিনী জিলা আদালতত হাই প্ৰটিন ডায়েট বিচাৰি এক আবেদন কৰিছিল যদিও আদালতে এই আবেদন নাকচ কৰিছিল ৷

লগতে পঢ়ক: ক্ৰাইম ব্ৰাঞ্চে তদন্ত কৰিব ছত্ৰশালা ষ্টেডিয়ামৰ মল্লযোদ্ধা হত্যাৰ গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.