স্প’ৰ্টছ ডেস্ক, 23 আগষ্ট : নাইৰোবিত অনুষ্ঠিত হৈ থকা World Athletics U20 Championship ত ভাৰতৰ আন এক সাফল্য ৷ মহিলাৰ লং জাম্প শাখাত ৰূপৰ পদক লাভ কৰিলে শৈলী সিঙে ৷ তেওঁ 6.59 মিটাৰ দূৰলৈ জপিয়াবলৈ সক্ষম হয় ৷ স্বৰ্ণ পদকৰ নিচেই কাষ পোৱা স্বত্বেও শৈলীয়ে মাত্ৰ .01 মিটাৰৰ ব্যৱধানত পদক হেৰুৱাই ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় ৷
প্ৰতিযোগিতাখনত 6.60 মিটাৰ জাম্পেৰে স্বৰ্ণ পদক লাভ কৰে চুইডেনৰ মাজা আস্কাগে ৷ আনহাতে, ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ইউক্ৰেইনৰ মাৰিয়া হোৰিলোভাই ৷ চলিত বৰ্ষৰ World Athletics U20 Championship ত ভাৰতৰ এয়া দ্বিতীয়টো ৰূপৰ পদক লগতে সামগ্ৰিকভাৱে তৃতীয়টো পদক ৷
17 বৰ্ষীয় শৈলীয়ে তৃতীয় ৰাউণ্ডত 6.59 মিটাৰৰ অন্তিমটো জাম্পৰ পূৰ্বে 6.34 মিটাৰৰ দুটা জাম্প কৰিছিল ৷ আনহাতে, আস্কাগে চতুৰ্থটো প্ৰচেষ্টাত 6.60 মিটাৰ জাম্পেৰে স্বৰ্ণ দখল কৰে ৷ আস্কাগে অতি ক্ষুদ্ৰ মাৰ্জিনত শৈলীৰ বিপৰীতে লাভ কৰে এই পদক ৷
ইতিমধ্যে ভাৰতীয় মিক্সড 4x400m ৰিলে দলটোৱে World Athletics U20 Championship ত ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱাৰ লগতে 10000m বেগাই খোজকঢ়াক অমিত খত্ৰীয়ে ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : পেৰা অলিম্পিকত ভাৰতে লাভ কৰিব অতি কমেও ১৫ টা পদক..!