ETV Bharat / sports

Womens World Boxing Championship 2023 : ২০০৬ ৰ পুনৰাবৃত্তি কৰিব পাৰিব নে ৪ ভাৰতীয় মহিলা বক্সাৰে ? - Saweety Boora to play world boxing final

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ চাৰি বক্সাৰ ক্ৰমে নিখাত জাৰিন, লাভলীনা বৰগোঁহাই, নিতু ঘাংঘাছ আৰু শ্বাতি বুৰা (Womens World Boxing Championship 2023)। ভাৰতে ৪ টা সোণৰ পদক আঁজুৰি আনিব পাৰিব নে ? ২০০৬ চনত ভাৰতৰ হৈ মেৰী কম, সৰিতা দেৱী, জেনি আৰএল আৰু লেখা কেচিয়ে স্বৰ্ণ জয় কৰিছিল ।

Womens World Boxing Championship 2023
২০০৬ ৰ পুনৰাবৃত্তি কৰিব পাৰিব নে ৪ ভাৰতীয় মহিলা বক্সাৰে
author img

By

Published : Mar 25, 2023, 8:52 PM IST

স্পৰ্টছ ডেস্ক,২৫ মাৰ্চ : দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতীয় মহিলা বক্সাৰৰ ওপৰত । মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদকৰ আশাত থকা নিখাত জাৰিন, লাভলীনা বৰগোঁহাই, নিতু ঘাংঘাছ আৰু শ্বাতি বুৰাৰ বাবে প্ৰাৰ্থনা কৰিছে লাখ লাখ ভাৰতীয়ই (4 Indian woman boxer in world boxing Final)। চাৰিওগৰাকী ভাৰতীয় বক্সাৰে বৃহস্পতিবাৰে নিজ নিজ ছেমিফাইনেল বাউটত ৰোমাঞ্চকৰ বিজয় অৰ্জনৰ পাছতে ৰূপৰ পদক জয়ৰ কথা নিশ্চিত হৈ পৰিছে ।

তাৰকা বক্সাৰ মেৰী কমৰ পাছতে একাধিকবাৰ সন্মানীয় খিতাপ জয় কৰা দ্বিতীয়গৰাকী মহিলা হোৱাৰ সুযোগ সন্মুখত আছে নিখাতৰ । পেৰিছ অলিম্পিকৰ পাছত ৫২ কিলোগ্ৰামৰ পৰা ৫০ কিলোগ্ৰামলৈ অৱনমিত হোৱা নিখাতে লাইট ফ্লাইৱেট শাখাত উন্নত প্ৰদৰ্শন দেখুৱাইছে । ২৬ বছৰীয়া খেলুৱৈগৰাকীয়ে সকলো ভাৰতীয় বক্সাৰৰ তুলনাত ফাইনেললৈ যোৱাৰ পথত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে । কাৰণ অলিম্পিকত পদক বিজয়ী তথা শক্তিশালী প্ৰতিদ্বন্দীৰ সৈতে তেওঁ মুখামুখি হৈছিল ।

এগৰাকী কাৰিকৰীভাৱে সফল বক্সাৰ নিখাতে ৰিঙত তেওঁৰ বছৰৰ অভিজ্ঞতা আৰু কৌশল ব্যৱহাৰ কৰি বিজয় সাব্যস্ত কৰিছে (Nikhat Zareen in world boxing Championship)। মঙলবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰে তিনিটা বেক-টু-বেক বাউটত তেওঁ জয়ী হৈছে । আনকি নিখাতে স্বীকাৰো কৰিছে যে তেওঁ কোৱাৰ্টাৰ ফাইনেল বাউটৰ তৃতীয় ৰাউণ্ডত ভাগৰুৱা হৈ পৰিছিল । অৱশ্যে, দেওবাৰৰ ফাইনেলৰ পূৰ্বে তেওঁ কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে ।

অসম কন্যা লাভলীনাৰ ওপৰতো দেশবাসীৰ নজৰ আছে । ব্ৰঞ্জৰ পদকৰ শিকলি ছিগি তেওঁ প্ৰথমবাৰ বাবে বিশ্বৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে । লাভলীনাই ইতিমধ্যে ২০১৮ আৰু ২০১৯ৰ সংস্কৰণত ব্ৰঞ্জৰ পদক অৰ্জন কৰি থৈছে । লাভলীনাই দেওবাৰে ফাইনেলত কমনৱেলথ গেমছৰ ব্ৰঞ্জ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ কেটলিন পাৰ্কাৰৰ সৈতে মুখামুখি হ'ব (Lovlina Borgohain in world boxing Championship)।

আনহাতে তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হৈছে নিতু ঘাংঘাছ । ২০২২ চনৰ ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল আৰু চিডব্লিউজি স্বৰ্ণ পদক বিজয়ী খেলুৱৈগৰাকীয়ে এই প্ৰতিযোগিতাখনত বিশেষ পাৰদৰ্শিতা দেখুৱাইছে । যোৱা বছৰত এগৰাকী বক্সাৰ হিচাপে দেশজুৰি চৰ্চিত হোৱা নিতুৱে ছেমিফাইনেলত সুন্দৰ প্ৰদৰ্শন দেখুৱাইছে (Nitu Ghanghas in world boxing Championship)।

শনিবাৰে ফাইনেলত মঙ্গোলিয়াৰ এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী লুটাচাইখান আলতাণ্টছেগৰ মুখামুখি হোৱা তেওঁ প্ৰথম ভাৰতীয় হ'ব । অভিজ্ঞ শ্বাতি প্ৰায় এক দশক পূৰ্বে ২০১৪ চনত স্বৰ্ণ জয়ৰ ওচৰলৈ গৈছিল যদিও ভাৰতীয় আশা পূৰণ কৰিব নোৱাৰিলে । সেয়ে এইবাৰ সকলো ভাৰতীয়ৰে তেওঁৰ ওপৰত যথেষ্ট বিশ্বাস আছে । হাৰিয়ানাৰ বক্সাৰগৰাকীয়ে সহজেই ফাইনেললৈ অৱতীৰ্ণ হৈছে । কিন্তু শনিবাৰে ফাইনেলত তেওঁ নিজৰ সৰ্বশ্ৰেষ্ঠ উজাৰিব লাগিব । কাৰণ তেওঁ সন্মুখত থাকিব ২০১৮ চনৰ চেম্পিয়ন আৰু ২০১৯ ৰ ব্ৰঞ্জ পদক বিজয়ী চীনৰ ৱাং লিনা (Saweety Boora to play world boxing final)।

মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ক্ষেত্ৰত ২০০৬ চনতো ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল (Womens World Boxing Championship 2006)। কিয়নো সেই সময়ত মেৰী কম, সৰিতা দেৱী, জেনি আৰএল আৰু লেখা কেচিয়ে স্বৰ্ণ জয় কৰিছিল । ২০০৬ চনত ভাৰতে চাৰিটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জসহ মুঠ আঠটা পদক অৰ্জন কৰিছিল ।

লগতে পঢ়ক:Australia beats India: ভাৰতৰ বিৰুদ্ধে শৃংখলা জয় কৰি ODI ক্ৰিকেট ৰেংকিঙৰ শীৰ্ষত অষ্ট্ৰেলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.