ETV Bharat / sports

ভাৰতীয় সাঁতোৰবিদ ভীৰধাৱলৰ খাদেৰ বিস্ফোৰক মন্তব্য

author img

By

Published : Jun 15, 2020, 6:56 PM IST

ভাৰতীয় চুইমাৰ তথা সাঁতোৰবিদ ভীৰধাৱল খাদেৰ টুইট যোগে চৰকাৰক চুইমিং পুলৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ আহ্বান ।

virdhawal khade said if swimming pools remain closed then i will think about retirement

স্পৰ্টছ ডেস্ক, 15 জুনঃ এছিয়ান খেলত ব্ৰঞ্জ পদক বিজয়ী ভাৰতীয় সাঁতোৰবিদ ভীৰধাৱল খাদেৰ বিস্ফোৰক মন্তব্য । দেশত যদি চুইমিং পুলৰ সুবিধা বন্ধ হৈ থাকে তেন্তে ভৱিষ্যতে সন্ন্যাস লোৱাৰ কথা চিন্তা কৰিব লাগিব বুলি কয় খেলুৱৈগৰাকীয়ে ।

বৰ্তমানে দেশত অন্য়ান্য খেলৰ সা-সুবিধা সমূহ উপলব্ধ কৰোৱা হৈছে যদিও এতিয়াও চুইমিং পুলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা আছে । খেলুৱৈগৰাকীয়ে এই সন্দৰ্ভত টুইট কৰি চুইমিংপুলৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে । টুইটাৰত প্ৰদান কৰা টুইটটো ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুকো টেগ কৰে খেলুৱৈগৰাকীয়ে ।

এই টুইটত খেলুৱৈগৰাকীয়ে লিখিছিল, সাঁতোৰৰ পৰা সন্ন্যাসৰ কথা চিন্তা কৰিব লাগিব । সাঁতোৰ পুনৰ আৰম্ভ হোৱাক লৈ একো বাতৰি লাভ কৰা নাই, কোনো ধৰণৰ যোগাযোগ নাই । আশা কৰিছো সাঁতোৰকো অন্যান্য খেলৰ দৰে ধৰা হ'ব

তেওঁ লগতে কয়, বিগত তিনিমাহ ধৰি ভাৰতীয় সাঁতোৰবিদ সকল পুলত নমা নাই । যদি অন্য খেলুৱৈয়ে অনুশীলনৰ সময়ত সামাজিক দূৰত্ব বজাই চলিব পাৰে তেন্তে সাঁতোৰবিদ সকলেও কৰিব পাৰে । মই আশা কৰিছো অলিম্পিকৰ সম্ভাৱনীয় সাঁতোৰবিদ সকলে এই পৰিস্থিতিক লৈ সন্ন্যাসৰ কথা চিন্তা কৰা নাই ।

থাইলেণ্ড, অষ্ট্ৰেলিয়া, ইংলেণ্ড বিভিন্ন দেশত চুইমিং পুল মুকলি কৰি দিয়া হৈছে । ভাৰততো গৃহমন্ত্ৰণালয়ে বহু কেইটা দিশত ৰেহাই প্ৰদান কৰি বজাৰ, শ্ব'পিং মল খুলি দিছে যদিও চুইমিং পুল বন্ধ কৰি ৰাখিছে বুলি কয় খেলুৱৈগৰাকীয়ে ।

ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণ (চাই) য়ে চুইমিং সম্বন্ধীয় ব্যৱস্থা মুকলি কৰিবলৈ Standard Operating Procedure (SOP) বনাবলৈ এক সমিতি গঠন কৰিছে । অন্যান্য খেলৰ ক্ষেত্ৰত এইটো সোনকালে কৰা হৈছিল যদিও সাঁতোৰৰ ক্ষেত্ৰত বৰ্তমানলৈ কোনো এছঅপি নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.