ETV Bharat / sports

কৰ'ণাৰ মাজতো জাপানে আয়োজন কৰিব পাৰিব অলিম্পিক : টকিঅ' গৱৰ্নৰ

author img

By

Published : Nov 24, 2020, 10:42 PM IST

টকিঅ' অলিম্পিক আয়োজনৰ বাবে দৃঢ়প্ৰতিজ্ঞ টকিঅ'ৰ গৱৰ্নৰ য়ুৰিকো কোইকে ৷ দেশখনত ক'ভিড আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পালেও যিকোনো পৰিস্থিতিতে অলিম্পিক আয়োজন কৰা হ'ব বুলি মন্তব্য কোইকেৰ ৷

Olympic
টকিঅ' অলিম্পিক

স্পৰ্টছ ডেস্ক, 24 নৱেম্বৰ : টকিঅ'ৰ গৱৰ্নৰ য়ুৰিকো কোইকে অহা বছৰত সকলো সুৰক্ষাৰ মাজেৰে অলিম্পিক আয়োজন কৰিব পাৰিব বুলি দৃঢ় মন্তব্য আগবঢ়াইছে ৷ শেহতীয়াকৈ ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতো টকিঅ' অলিম্পিক আয়োজন কৰিব পাৰিব বুলি মন্তব্য কৰে কোইকেই ৷

দেশখনত এই মাহত প্ৰায় 2,000 লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সময়তে মহামাৰীৰ ফলত দেশখনৰ অৰ্থনীতিত কোনো প্ৰভাৱ নপৰাকৈ সকলো সুৰক্ষা ব্যৱস্থা লোৱাৰ লগতে ব্যৱসায় আৰম্ভ কৰাৰ চেষ্টা চলোৱা হৈছে ৷

মঙলবাৰে টকিঅ'ত এক সংবাদমেলত কোইকেই কয়, "আয়োজক চহৰ হিচাপে যিকোনো পৰিস্থিতিতে অলিম্পিক আয়োজন কৰিবলৈ মই দৃঢ়প্ৰতিজ্ঞ ৷"

আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতি থমাছ বাচে টকিঅ'ত উপস্থিত হৈ কোইকেৰ লগতে জাপানীজ অলিম্পিক বিষয়াসকলৰ সৈতে বৈঠকত বহাৰ এসপ্তাহ পাচতে এই মন্তব্য কৰে তেওঁ ৷

উল্লেখ্য যে, দেশখনত শেহতীয়াকৈ বৃদ্ধি পোৱা কৰ'ণা আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰিবৰ বাবে গ্ৰহণ কৰিব পৰা ব্যৱস্থা সম্পৰ্কত আলোচনাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী য়োশ্বিহিডে ছোগাক সাক্ষাৎ কৰে য়ুৰিকো কোইকেই ৷

লগতে পঢ়ক : দশকটোৰ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ পদকৰ বাবে মনোনীত কোহলী, অশ্বিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.