ETV Bharat / sports

Asian Games 2023 : দক্ষিণ কোৰিয়াক পৰাস্ত কৰি হকীৰ ফাইনেলত ভাৰতীয় পুৰুষ দল - Asian games 2023 India medal tally

চলিত এছিয়ান গেমছত নিজৰ গৌৰৱময় যাত্ৰা অব্যাহত ৰাখি ভাৰতীয় পুৰুষ হকী দল ফাইনেলত প্ৰৱেশ কৰিছে । ছেমি ফাইনেলত ভাৰতে দক্ষিণ কোৰিয়াক ৫-৩ ব্যৱধানত পৰাস্ত কৰে ।

দক্ষিণ কোৰিয়াক পৰাস্ত কৰি হকীৰ ফাইনেলত ভাৰতীয় পুৰুষ দল
Asian Games 2023
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 6:51 PM IST

স্পৰ্টছ ডেস্ক, ৪ অক্টোবৰ : চলিত এছিয়ান গেমছত আৰু এটা পদক নিশ্চিত কৰিলে ভাৰতে । ভাৰতীয় পুৰুষ হকী দলে চাৰিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক ৫-৩ গ'লৰ ব্যৱধানত পৰাস্ত কৰি এছিয়ান গেমছৰ ফাইনেললৈ অগ্ৰসৰ হৈছে ।

ভাৰতে মেচখন আক্ৰমণাত্মক দৃষ্টিভংগীৰে ষ্টাইলত আৰম্ভ কৰে । হাৰ্দিক সিঙে চাৰ্কলৰ ভিতৰত এক দুৰ্ধৰ্ষ ষ্ট্ৰাইকেৰে দলক প্ৰাৰম্ভিক অগ্ৰগতি প্ৰদান কৰে । লাইনত থকা এজন ডিফেণ্ডাৰে এই শ্বট বাধা দিবলৈ চেষ্টা কৰিছিল । কিন্তু তেওঁ বলটো গ'লপোষ্টৰ ভিতৰলৈ যোৱাত বাধা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হয় । ভাৰতে নিজৰ আক্ৰমণাত্মক কৌশলেৰে আত্মবিশ্বাস লাভ কৰে আৰু প্ৰথম কোৱাৰ্টাৰত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে ।

ইয়াৰ পিছতে মনদীপ সিঙে এটা সুন্দৰ গ'লেৰে স্ক'ৰলাইন ২-০ কৰে । আনহাতে, ললিত কুমাৰ উপাধ্যায়ে প্ৰথম কোৱাৰ্টাৰৰ সমাপ্তিৰ পূৰ্বে এটা গ'ল কৰি ভাৰতক ৩-০ৰ অগ্ৰগতি প্ৰদান কৰে ।

কিন্তু দ্বিতীয় কোৱাৰ্টাৰত কোৰিয়াৰ মাঞ্জে জাঙে দুটাকৈ গ'ল কৰি দক্ষিণ কোৰিয়াৰ আশা সজীৱ কৰি ৰাখে । অৱশ্যে তাৰ মাজতে ভাৰতীয় দলটোৱে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে আন এটা সুযোগ পাইছিল যদিও তেওঁলোকে সেয়া গ'ললৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হয় ।

আনহাতে, ইয়াৰ মাজতে মানজে জঙে তেওঁৰ গ'লৰ সংখ্যাত আৰু এটা যোগ দিয়ে আৰু খেলখনত হেট্ৰিক অৰ্জন কৰে । স্ক'ৰ বোৰ্ড ৪-৩ ব্যৱধান হোৱাৰ সময়ত প্ৰতিযোগিতাখন কঠিন প্ৰতিদ্বন্দ্বিতাৰ মাজলৈ গুচি যায় আৰু কোৰিয়াই আক্ৰমণৰ চোক বৃদ্ধি কৰি ভাৰতক নিৰন্তৰ চাপৰ মাজলৈ ঠেলি লৈ যায় । অৱশ্যে ভাৰতে নিজৰ প্ৰতিৰক্ষা বিভাগ কটকটীয়া কৰি ৰাখে । তাৰ মাজতে অভিষেকে আন এটা গ'ল যোগ কৰি হৰমনপ্ৰীত সিঙৰ নেতৃত্বধানী ভাৰতীয় দলটোক ৫-৩ ব্যৱধানত জয়ৰ সোৱাদ দিয়ো আৰু সোণৰ পদকৰ বাবে যুঁজাৰ যোগ্য কৰি তোলে ।

লগতে পঢ়ক :Asian Games 2023 : ৰূপৰ পদকতে থমকিল লাভলীনাৰ এছিয়াড যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.