স্পৰ্টছ ডেস্ক, 19 মে’: 100 মিটাৰ ট্ৰেকত ৰাষ্ট্ৰীয় অভিলেখ গঢ়া দুতী চান্দে নিজৰ সম্পৰ্কলৈ দিলে স্বীকাৰোক্তি ৷ এক সংবাদ মাধ্যমৰ ৱেৱ চাইটক জনোৱা মতে নিজ গাঁৱৰে এগৰাকী যুৱতীৰ সৈতে সম্পৰ্কত থকাৰ কথা উল্লেখ কৰিলে খেলুৱৈগৰাকীয়ে ৷ অৱশ্যে কোন সেইগৰাকী যুৱতী সেইয়া জনোৱাৰ পৰা বিৰত থাকে 23 বছৰীয়া দুতী ৷
খেলুৱৈগৰাকীয়ে স্পষ্ট কৰিলে, তেওঁৰ জীৱনত এনে এগৰাকী লোক আছে যি তেওঁৰ অতিকৈ আপোন ৷ লগতে কোন কাৰ লগত কি সম্পৰ্কত থাকিব সেই সকলোবোৰৰে নিজা-নিজা স্বাধীনতা থাকিব লাগে বুলি উল্লেখ কৰে দুতীয়ে ৷ এইয়া সকলোৰে ব্যক্তিগত জীৱন বুলি কয় খেলুৱৈগৰাকীয়ে ৷