স্পৰ্টছ ডেস্ক, 8 আগষ্ট : তাৰকা টেবুল টেনিছ খেলুৱৈ শৰৎ কমল আৰু বিশ্ব চেম্পিয়ন বক্সাৰ নিখাত জাৰিন কমনৱেলথ গেমছ ২০২২ৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকা বাহক হ'ব(Commonwealth Games 2022 Closing Ceremony) । শৰৎ কমল চলিত কমনৱেলথ গেমছত নিজৰ প্ৰদৰ্শন অব্যাহত ৰাখিছিল আৰু চাৰিটাকৈ পদক নিজৰ নামত কৰিবলৈ সক্ষম হয় ।
শৰৎ কমলে পুৰুষৰ দল আৰু মিক্সড দলত সোণৰ পদক অৰ্জন কৰিছিল(Indian paddler Sharath Kamal) ৷ আনহাতে তেওঁ পুৰুষৰ ডাবলছত ৰূপৰ পদক অৰ্জন কৰিছিল । আনহাতে আজি তেওঁ পুৰুষৰ একক শাখাৰ ফাইনেলত স্বৰ্ণ জয়ৰ লক্ষ্যৰে প্ৰতিযোগিতাত অৱৰ্তীণ হ’ব ৷
আনহাতে, বক্সাৰ নিখাত জাৰিনে মহিলাৰ ৫০ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰে(Nikhat Zareen wins Gold in Boxing) । ভাৰতীয় দলৰ মুৰব্বী ৰাজেশ ভাণ্ডাৰীয়ে কমনৱেলথ গেমছৰ সামৰণি অনুষ্ঠানত শৰৎ কমল আৰু নিখাত জাৰিন ভাৰতৰ পতাকা বাহক হ'ব বুলি জানিবলৈ দিয়ে (Sharath and Nikhat will be the flag bearers ) ।
দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিং কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বাহক আছিল ।
লগতে পঢ়ক : Commonwealth Games 2022 : বেডমিন্টনত স্বৰ্ণ অৰ্জন পি ভি সিন্ধুৰ