ETV Bharat / sports

ডপিং অভিযোগ প্ৰত্যাহাৰ IWF ৰ, ক্ষতিপূৰণৰ দাবী সঞ্জিতা চানুৰ - Sanjita Chanu doping

IWF ৰ কঠোৰ মনোভাৱৰ বাবেই টকিঅ' অলিম্পিকৰ যোগ্যতা হেৰুৱালগীয়া হ'ল । ইয়াৰ বাবে অৱশ্যেই তেওঁলোকে ক্ষমা খোজিব লাগিব আৰু মোক দিয়া মানসিক হাৰাশাস্তিৰ বাবে ক্ষতিপূৰণো দিব লাগিব বুলি দাবী কৰে মণিপুৰী ভাৰোত্তোলক গৰাকীয়ে ।

Sanjita Chanu cleared of doping charge by IWF, demands answers and compensation

author img

By

Published : Jun 10, 2020, 2:15 PM IST

স্পৰ্টছ ডেস্ক, 10 জুনঃ ভাৰতীয় ক্ৰীড়াপ্ৰমীৰ লগতে সঞ্জিতা চানুৰ অনুৰাগীৰ বাবে এক সুখবৰ । প্ৰত্য়াহাৰ কৰা হ'ল ভাৰতীয় ভাৰোত্তোলক সঞ্জিতা চানুৰ ওপৰত থকা ডপিঙৰ অভিযোগ ।

আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন সন্থাই (IWF) প্ৰত্যাহাৰ কৰিছে এই অভিযোগ । চানুৰ বিৰুদ্ধে নমুনা পৰিচালনাৰ ক্ষেত্ৰত "অ-সম্পূৰ্ণতা" থকাৰ বাবেই ডপিং গোচৰ বাতিল কৰা হৈছে । ইয়াৰ পাচতেই কমনৱেলথ স্বৰ্ণ পদক জয়ী খেলুৱৈগৰাকীয়ে ইয়াৰ বাবে IWF ক ক্ষমা খোজাৰ দাবী তোলাৰ লগতে মানসিক হাৰাশাস্তি প্ৰদানৰ বাবে ক্ষতিপূৰণৰো দাবী উত্থাপন কৰে । আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন সন্থাই বিশ্ব ড'পিং বিৰোধী সংস্থা চমুকৈ WADA ৰ নিৰ্দেশ মৰ্মেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

IWF ক ক্ষমা খোজাৰ লগতে ক্ষতিপূৰণৰ দাবী সঞ্জিতা চানুৰ

26 বছৰীয়া মণিপুৰী খেলুৱৈগৰাকীয়ে পূৰ্বতেই নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছিল । অৱশেষত IWFৰ আইনজ্ঞ লিলা ছাগীৰ স্বাক্ষৰিত এক মেইল যোগে চূড়ান্ত ৰায়ৰ সম্পৰ্কে অৱগত কৰা হয় খেলুৱৈগৰাকীক । যোৱা 28 মে'ত IWF য়ে WADA ক চানুৰ নুমনাৰ ক্ষেত্ৰত কিছু অ-সম্পূৰ্ণতা আছে বুলি উল্লেখ কৰিছিল । তাৰ পাচতেই এই অভিযোগ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

খেলুৱৈগৰাকীয়ে এই অভিযোগ প্ৰত্যাহাৰৰ পাচত আনন্দ প্ৰকাশ কৰে যদিও এই সময়ছোৱাত তেওঁ হেৰুৱাবলগীয়া সুযোগ সমূহৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি এই সমূহ ভুলৰ লগতে মানসিক হাৰাশাস্তি প্ৰদানৰ দায়িত্ব কোনো গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ।

আনহাতে IWF ৰ কঠিন মনোভাৱ অথবা আচৰণৰ বাবেই টকিঅ' অলিম্পিকৰ যোগ্যতা হেৰুৱালগীয়া হ'ল বুলি কয় খেলুৱৈগৰাকীয়ে । যাৰ বাবে IWF ক ক্ষমা খোজাৰ লগতে ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰিছে মণিপুৰী ভাৰোত্তোলক গৰাকীয়ে ।

2017 চনত খেলুৱৈগৰাকীৰ নমুনাত Anabolic Steroid Testosterone লাভ কৰিছিল যুক্তৰাষ্টীয় ড'পিং বিৰোধী সংস্থা চমুকৈ USADA য়ে ।

2018 চনৰ কমনৱেলথ গেমছৰ 53 কেজি শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে । ইয়াৰ পাচতেই তেওঁক 15 মে' 2018 চনৰ পৰা অস্থায়ী ভাৱে নিলম্বিত কৰি দিয়া হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.