ETV Bharat / sports

ATP Ranking : ২৫ বছৰত প্রথমবাৰৰ বাবে নাম বাদ পৰিল ৰজাৰ ফেডেৰাৰৰ

author img

By

Published : Jul 12, 2022, 4:15 PM IST

পেছাদাৰী টেনিছৰ ৰূপালী জয়ন্তী বৰ্ষতে প্রথমবাৰৰ বাবে এটিপি ৰেংকিং তালিকাত স্থানচ্যুত হয় ফেডেৰাৰ (Federer displaced first time in ATP rankings) । আঘাতৰ বাবে বিগত ৫২ সপ্তাহ কোর্টৰ বাহিৰতেই কটাবলগা হৈছে ছুইচ টেনিছ তাৰকাগৰাকী ।

Federer
Federer

স্পৰ্টছ ডেস্ক, ১২ জুলাই : ১৯৯৭ চনৰ শেষৰ ফালে পেছাদাৰী টেনিছ আৰম্ভ । তাৰ পিছত অতিক্ৰম কৰিলে ২৫টা বৰ্ষ । কিন্তু এই সুদীৰ্ঘ সময়ছোৱাত কোনো দিনে ইমান ছন্দপতন হোৱা নাছিল ৰজাৰ ফেডেৰাৰৰ । এটিপি ৰেংকিঙত সদায়ে নাম আছিল ৰজাৰ ফেডেৰাৰৰ । কিন্তু উইম্বলডনৰ পিছত প্ৰকাশিত এটিপি ক্রম তালিকাত নাম নাই ৰজাৰ ফেডেৰাৰৰ (Roger Federer out from ATP ranking list) । ভাবিবলৈও অবিশ্বাস্য যেন লাগিলেও সেয়াই বৰ্তমান বাস্তৱ।

উল্লেখ্য, পেছাদাৰী টেনিছৰ ৰূপালী জয়ন্তী বৰ্ষতে প্রথমবাৰৰ বাবে এটিপি ৰেংকিং তালিকাত স্থানচ্যুত হয় ফেডেৰাৰ (Federer displaced first time in ATP rankings) । আঘাতৰ বাবে বিগত ৫২ সপ্তাহ কোর্টৰ বাহিৰতেই কটাবলগা হৈছে ছুইচ টেনিছ তাৰকাগৰাকী । যোৱা বছৰ উইম্বলডনৰ পিছৰ পৰাই টেনিছ ৰেকেট হাতত লোৱা নাই ফেডেৰাৰে । সেয়ে এটিপি ক্রম তালিকাত স্থান হেৰুৱাবলগা হয় ২০টাকৈ গ্ৰেণ্ড শ্লেমৰ অধিকাৰী ফেডেৰাৰ (Federer holds 20 Grand Slame) ।

১৯৯৭ চনৰ ১৬ ছেপ্টোম্বৰত পেছাদাৰী টেনিছত ফেডেৰাৰে যেতিয়া খোজ পেলাইছিল (Federer start professional tennis in 16 September 1997), তেতিয়া তেওঁৰ এটিপি ক্রম তালিকাত স্থান আছিল ৮০৩ নম্বৰত । তাৰ পিছত ফেডেৰাৰ মুঠ ৩১০ সপ্তাহ ধৰি বিশ্বৰ এক নম্বৰ টেনিছ খেলুৱৈ হৈ আছিল । আনহাতে, একেৰাহে ২৩৭ সপ্তাহ ফেডেৰাৰক শীর্ষস্থানৰ পৰা বিচ্যুত কৰিব পৰা নাছিল কোনো টেনিছ খেলুৱৈয়ে ।

উল্লেখ্য, ২০২২ৰ উইম্বলডন আৰম্ভণিৰ পূৰ্বলৈকে ফেডেৰাৰ আছিল এটিপি ক্রম তালিকাত প্রথম ১০০ৰ ভিতৰত । তেওঁৰ ৰেংকিং আছিল ৯৭ । তেতিয়ালৈকে তেওঁ প্ৰত্যক্ষভাৱে কোনো গ্ৰেণ্ড শ্লেমেই খেলাৰ সুযোগ পোৱা নাছিল । কিন্তু তাৰ পিছত মাত্র দুসপ্তাহতেই তেওঁৰ নাম অন্তৰ্ধান হয় ৰেংকিং তালিকাৰ পৰা । উল্লেখযোগ্য যে অন্তিম ৫২ সপ্তাহত অর্জন কৰা পইণ্টৰ হিচাবত এটিপি বা ডব্লিউটিএ ক্রম তালিকাত স্থান লাভ কৰে টেনিছ খেলুৱৈগৰাকীয়ে । কিন্তু যিহেতু বিগত ৫২ সপ্তাহ ধৰি ফেডেৰাৰে কোনো মেচত অংশগ্ৰহণ কৰা নাই, সেয়ে কোনো ৰেঙ্কিং পইণ্টো তেওঁৰ সংগ্রহত নাই । সেয়ে এটিপি ৰেংকিং তালিকাৰ পৰা ছিটিকি যায় ফেডেৰাৰ ।

আনহাতে, কেৰিয়াৰৰ ২১ সংখ্য গ্ৰেণ্ড শ্লেম জয় কৰিও ক্রম তালিকাত তিনিটা স্থান অৱনমন ঘটে নোভাক জোকোভিচৰ (Novak Jocovich three places down in ATP rankings) । ৰাছিয়া আৰু বেলাৰুছৰ টেনিছ খেলুৱৈসকলক খেলৰ পৰা বহিষ্কাৰ কৰাৰ বাবে এইবাৰৰ উইম্বলডনৰ পৰা পইণ্ট প্রত্যাহাৰ কৰে এটিপি আৰু ডব্লিউটিএয়ে । সেই কাৰণেই ৰেংকিং পইণ্ট হেৰুৱাবলগা হয় জোকোভিচে ।

লগতে পঢ়ক :দহ বছৰৰ পিচত অসমে টেবুল টেনিছত থকা পূৰ্বৰ গৰিমা ঘূৰাই পাইছে : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.