ETV Bharat / sports

ৰাজ্যসভাত প্ৰশংসা বিশ্বচেম্পিয়ন মেৰী কমক - ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কম

বক্সিঙৰ ক্ৰীড়াক্ষেত্ৰত ভাৰতলৈ বহু সুনাম কঢ়িয়াই অনা পদ্মবিভূষণ মেৰী কমক ৰাজ্যসভাত প্ৰশংসা ভেংকায়া নাইডুৰ ৷

ৰাজ্যসভাত প্ৰশংসা বিশ্ব চেম্পিয়ন মেৰী কম
ৰাজ্যসভাত প্ৰশংসা বিশ্ব চেম্পিয়ন মেৰী কমক
author img

By

Published : Feb 3, 2020, 10:42 PM IST

স্পৰ্টছ ডেস্ক, 3 ফেব্ৰুৱাৰীঃ সোমবাৰে ৰাজ্যসভাত ভূয়সী প্ৰশংসা ছয়বাৰৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ প্ৰতিভাৱান খেলুৱৈ মহিলা বক্সাৰ মেৰী কমক ৷ পদ্মবিভূষণ আৰু পদ্মভূষণ বঁটাৰে সন্মানিত মেৰী কমক ৰাজ্যসভাৰ সদনত প্ৰশংসা কৰে সভাপতি ভেংকায়া নাইডুৱে ৷

মেৰী কমৰ অভিলেখ
মেৰী কমৰ অভিলেখ

প্ৰাক্তন সদস্য মেৰী কমৰ নাম ঘোষণা কৰি সভাপতিগৰাকীয়ে কয় মেৰী কম কেৱল ছয়বাৰৰ বিশ্ব চেম্পিয়নে নহয় এনে সফলতা অৰ্জন কৰা প্ৰথম মহিলা খেলুৱৈ ৷ ইয়াৰ লগতে নাইডুৱে আশা প্ৰকাশ কৰে, অলিম্পিয়ান মেৰী কমে ভৱিষ্যতে আৰু অধিক সমৃদ্ধি কঢ়িয়াই আনিবলৈ সক্ষম হ’ব ৷

মেৰী কমৰ অভিলেখ
মেৰী কমৰ অভিলেখ

দেশৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিক সন্মান আৰু তৃতীয় সৰ্বোচ্চ নাগৰিক সন্মানেৰে সন্মানিত কৰা হৈছে মেৰী কমক ৷ এই চলিত বৰ্ষৰ জানুৱাৰী মাহত পদ্মবিভূষণৰ সন্মানিত কৰা হয় ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমক ৷

ৰাজ্যসভাত প্ৰশংসা মেৰী কমক

উল্লেখ্য যে, 2012 গ্ৰীষ্মকালীন অলিম্পিকত কোৱালিফাই কৰা একমাত্ৰ ভাৰতীয় মহিলা বক্সাৰ হৈছে মেৰী কম ৷ 51 কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইপিনে 2014 চনৰ এছিয়ান খেলত আৰু 2018 ৰাষ্ট্ৰীয় মণ্ডল খেলত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈৰ সন্মান লাভ কৰিছিল মেৰী কমে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.