নিউজ ডেস্ক, 22 জুন : ইউনাইটেড ৱৰ্লড ৰেংকিঙৰ পুৰুষৰ মল্লযুঁজাৰুৰ শাখাত পুনৰ শীৰ্ষ স্থান দখল কৰিছে ভাৰতীয় মল্লযুঁজাৰু বজৰংগ পুনিয়াই ৷ এই ৰেংকিঙত ভাৰতৰ 15 গৰাকীকৈ মল্লযুঁজাৰুৱে স্থান লাভ কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, এই 15 গৰাকীৰ ভিতৰত 12 গৰাকী হাৰিয়ানাৰ মল্লযুঁজাৰুৱে স্থান লাভ কৰিছে ৷ এই 12 গৰাকী খেলুৱৈৰ ভিতৰত বজৰংগ পুনিয়া, ফোগত ভগ্নী তথা পূজা ধান্দাও অন্তৰ্ভূক্ত আছে ৷ হাৰিয়ানাৰ 6 গৰাকীকৈ মহিলা মল্লযুঁজাৰুৱে এই তালিকাত স্থান লাভ কৰিছে ৷
ভাৰতীয় পুৰুষ মল্লযুঁজাৰু বজৰংগ পুনিয়াই 65 কিলো শাখাত শীৰ্ষ স্থান লাভ কৰাৰ উপৰি মহিলা সকলৰ ভিতৰত সৰ্বোচ্চ স্থানত আছে পূজা ধান্দা ৷ পূজাই 57 কিলো শাখাত চতুৰ্থ স্থান দখল কৰাৰ উপৰি সৰিতাই 59 কিলো শাখাত পঞ্চম স্থান দখল কৰিছে ৷ সৰিতাৰ পাছতে নৱম স্থানত মঞ্জু, 53 কিলোত ষষ্ঠ স্থানত বিনেশ ফোগত, 50 কিলোত অষ্টম স্থানত সীমা, 65 কিলোত দশম স্থানত ৰিতু ফোগত, 68 কিলোত দশম স্থানত আছে দিব্যা ৷ ইয়াৰোপৰি, পুৰুষৰ শাখাত পুনিয়াৰ উপৰি 61 কিলো শাখাত ষষ্ঠ স্থানত ৰাহুল, 79 কিলো শাখাত প্ৰবীণ ৰাণাই ষষ্ঠ স্থানত আৰু 125 কিলো শাখাত সুমিতে অষ্টম স্থান দখল কৰিছে ৷ ভাৰতৰ সাক্ষী মালিকে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল ৷