ETV Bharat / sports

COVID-১৯ পজিটিভ পেৰা-এথলীট নিশাদ কুমাৰ

author img

By

Published : Feb 28, 2021, 8:46 PM IST

ফজ্জা ৱৰ্ল্ড পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিক্সত স্বৰ্ণ পদক বিজয়ী নিশাদ কুমাৰৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

COVID-১৯ পজিটিভ পেৰা-এথলীট নিশাদ কুমাৰ
COVID-১৯ পজিটিভ পেৰা-এথলীট নিশাদ কুমাৰ

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰী: বিশ্বজুৰি বৰ্তমানেও অব্যাহত আছে অতিমাৰী COVID-১৯ সংক্ৰমণৰ । পেৰা-এথলীট ভাৰতৰ নিশাদ কুমাৰৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । দেওবাৰে ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ (এছএআই)য়ে এই কথা সদৰি কৰে । ডুবাইত অনুষ্ঠিত হৈছে ফজ্জা ৱৰ্ল্ড পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিক্স । এই এথলেটিকছত অংশগ্ৰহন কৰিছিল নিশাদ কুমাৰে । যোৱা ২৩-২৪ ফেব্ৰুৱাৰীত তিনিগৰাকী ৰাষ্ট্ৰীয় কেম্পাৰ (২ জন খেলুৱৈ আৰু ১ জন সমৰ্থন কৰ্মচাৰীৰ) সৈতে এছএআই ডুবাইৰ পৰা বাংগালুৰুত উপস্থিত হোৱাৰ পাচত ৭ দিনৰ বাবে কোৱাৰান্টাইনত আছিল । এছএআই এছওপি অনুসৰি, কোৱাৰেণ্টেইনৰ ষষ্ঠ দিনাখন আৰটিপিচিআৰ পৰীক্ষা কৰাত নিশাদৰ দেহত COVID-১৯ পজিটিভ ধৰা পৰে ।

ফজ্জা গ্ৰেণ্ড প্ৰিক্সৰ পুৰুষৰ হাই জাম্প টি ৪৬/৪৭ৰ স্বৰ্ণ পদক বিজয়ী নিশাদক এছএছ স্পৰ্শ মাল্টি-স্পেচিয়েলিটি চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে বুলি এছএআইয়ে এক বিবৃতিযোগে জানিবলৈ দিয়ে । ইফালে, বিগত সপ্তাহত COVID-১৯ ৰ পজিটিভ ধৰা পৰা একেখন চিকিৎসালয়তে চিকিৎসাধীন পেৰা-এথলেটিকছ প্ৰশিক্ষক সত্যনাৰায়ণ সম্প্ৰতি আৰোগ্য হৈ উভতে যদিও সাত দিনৰ বাবে হোম কোৱাৰেন্টাইনত আছে প্ৰশিক্ষকগৰাকী ।

লগতে পঢ়ক:জ' ৰোটৰ ফাইফাৰৰ পাচতে টুইটৰ জোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.