ETV Bharat / sports

বিবাহপাশত আৱদ্ধ হ'ব ভাৰতীয় শ্বুটাৰ গগন নাৰং আৰু অন্নু ৰাজ সিং - Amal Mudhsh

২০১২ লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী ৰাইফল শ্বুটাৰ গগন নাৰং আৰু ২০১০ চনৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰা পিষ্টল শ্বুটাৰ অন্নু ৰাজ সিঙে এইমাহৰ শেষৰফালে বিবাহ পাশত আবদ্ধ হ'ব ।

বিবাহপাশত আৱদ্ধ হ'ব ভাৰতীয় শ্বুটাৰ গগন নাৰাং আৰু অন্নু ৰাজ সিং

author img

By

Published : Apr 6, 2021, 1:34 PM IST

স্পৰ্টছ ডেস্ক,৬ এপ্ৰিল: ভাৰতৰ দুগৰাকী শ্বুটাৰৰ বিবাহকলৈ দেশজুৰি চৰ্চা অব্যাহত আছে । জানিব পৰা মতে, ২০১২ লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী ৰাইফল শ্বুটাৰ গগন নাৰং আৰু ২০১০ চনৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰা পিষ্টল শ্বুটাৰ অন্নু ৰাজ সিঙে এইমাহৰ শেষৰফালে বিবাহ পাশত আবদ্ধ হ'ব । ভাৰতীয় শ্বুটিং দলৰ অংশ হিচাপে বিগত প্ৰায় ২০ বছৰ ধৰি দুয়োগৰাকী খেলুৱৈয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু এই দশক ধৰি দুয়োগৰাকীৰ মাজত এটা ভাল সম্পৰ্ক স্থাপন হৈছিল ।

এই সম্পৰ্ক কেনেদৰে আগবাঢ়িলে সেই বিষয়ে সোধাত অলিম্পিয়াড আৰু অৰ্জুন বঁটা প্ৰাপক অন্নুৱে কয় যে, তেওঁলোকে ২০০২ চনৰ পৰা ভাৰতীয় দলৰ সতীৰ্থ হৈ আছে আৰু তেতিয়াৰ পৰাই তেওঁলোক ভাল বন্ধু । তেওঁলোকে দীৰ্ঘদিন ধৰি একেলগে আছে আৰু ইজনে সিজনৰ উত্থান আৰু পতনৰ সময়তো ওচৰে পাজৰে আছে । সেয়ে তেওঁলোকে অনুমান কৰিছে যে সময়ৰ লগে লগে বিবাহপাশত আৱদ্ধ হোৱাৰ অনুভৱো বাঢ়ি গৈছিল ।

একেটা প্ৰশ্নৰ উত্তৰত গগনে কয় যে তেওঁৰ মাতৃয়ে অন্নুক ভাল পায় আৰু তাইৰ মাক-দেউতাকেও গগনক ভাল পাই সেয়েহে ই আংশিকভাৱে এক এৰেঞ্জ বিবাহো । লগতে মহামাৰীৰ সময়ত অভিভাৱকৰ সৈতে সময় কটোৱাৰ পিছতে এই সিদ্ধান্ত লোৱাত তেওঁক সহায় কৰিছে বুলি উল্লেখ কৰে শ্বুটাৰ গগনে ।

অন্নু বৰ্তমান অৱসৰপ্ৰাপ্ত শ্বুটাৰ যাক শেষবাৰৰ বাবে ২০২১ চনৰ মাৰ্চ মাহত দিল্লীৰ ড০ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত শ্বুটিং বিশ্বকাপৰ বাবে চনী নেটৱৰ্কৰ ভাষ্যকাৰ হিচাপে নতুন ভূমিকাত দেখা গৈছিল ।

আনহাতে, গগনে হায়দৰাবাদত তেওঁৰ শ্বুটিং একাডেমী 'গান ফৰ গ্লোৰী' পৰিচালনা কৰে । শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা আইএছএছএফ বিশ্বকাপত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত অংশগ্ৰহণত সহায়ৰ বাবে ইয়েমেনী শ্বুটাৰ অমল মুধশক বন্দুক দি চৰ্চা লাভ কৰিছিল ।

লগতে পঢ়ক:বাতিল হ’ব পাৰে ফ্ৰেন্স অপেন: ক্ৰীড়া মন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.