নেচনেল ডেস্ক,২৬ জুলাই: ভাৰতীয় ক্ৰীড়ানুৰাগীৰ বাবে দুঃসংবাদ । অহা 28 জুলাইৰ পৰা বাৰ্মিংহামত অনুষ্ঠিতব্য় কমনৱেলথ গেমছত অংশ গ্ৰহণ কৰিব নোৱাৰিব ভাৰতীয় তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই (Neeraj Chopra pulls out of Commonwealth Games) । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজিন অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী তাৰকা খেলুৱৈগৰাকীয়ে আঘাতৰ বাবে এই প্ৰতিযোগিতাখনিৰ পৰা আঁতৰি থাকিব লাগিব ।
মঙলবাৰে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েচনেৰ সম্পাদক প্ৰধান ৰাজীৱ মেহতাই চোপ্ৰাৰ আঘাতৰ বিষয়ে সদৰি কৰিছে (IOA secretary general on Neeraj Chopras injury)। মেহতাই কয়, ‘‘নীৰজ চোপ্ৰাই আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ফোন কৰি আঘাতৰ বাবে বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিব নোবাৰিব বুলি জনাইছে’’ ৷
ভাৰতীয় তাৰকা খেলুৱৈগৰাকীয়ে উৰুত পোৱা আঘাতৰ পিছত চোপ্ৰাক চিকিৎসকসকলে এমাহৰ বাবে বিশ্ৰামত থকাৰ পৰামৰ্শ দিছে । নীৰজে দেওবাৰে পুৰুষৰ জেভলিন ফাইনেলত ৮৮.১৩ মিটাৰ থ্ৰোৰ পিছতে আঘাত পোৱা বুলি ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে সদৰি কৰিছে । কমনৱেলথ গেমছত খিতাপৰ শক্তিশালী দাবীদাৰ চোপ্ৰাই ২০১৮ চনৰ গেমছত স্বৰ্ণ পদক লাভ কৰিছিল । উল্লেখ্য় যে, চোপ্ৰাই 2020 টকিঅ'গেমছত স্বৰ্ণ পদক জয় কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী এথলীট হিচাপে স্বীকৃতি লাভ কৰিছে ।
লগতে পঢ়ক:World Athletics Championships: বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ