ETV Bharat / sports

Neeraj Chopra win gold : ‘‘এই পদক সকলো ভাৰতীয়ৰ বাবে’’; নীৰজ চোপ্ৰা - Neeraj Chopra win gold

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদ লাভ অলিম্পিক বিজয়ী নীৰজ চোপ্ৰাৰ । ফাইনেলত ৮৮.১৭ মিটাৰ থ্ৰ'ৰ সৈতে বুডাপেষ্টত ইতিহাস চোপ্ৰাৰ । চোপ্ৰাৰ বাসগৃহত উৎসৱমুখৰ পৰিৱেশ ।

Neeraj Chopra win gold
এই পদক সকলো ভাৰতীয়ৰ বাবে
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 11:13 AM IST

স্পৰ্টছ ডেস্ক, ২৮ আগষ্ট : বুডাপেষ্টত উৰিল ভাৰতৰ ত্ৰিৰংগা । পুনৰ এবাৰ বিশ্বৰ বুকুত ভাৰতৰ নাম উজলালে অলিম্পিক বিজয়ী জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই । বুডাপেষ্টত আয়োজিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ জেভলিন থ্ৰ' ইভেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল । স্বৰ্ণ জয়ৰ পাছতে নীৰজ চোপ্ৰাই এই পদক সকলো ভাৰতীয়ৰ বাবে উছৰ্গা কৰে । নিশা বহু দেৰিলৈ প্ৰতিযোগিতাখন উপভোগ কৰা ভাৰতৰ প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

  • Neeraj Chopra- I want to thank the people of India for staying up late. This medal is for all of India. I'm Olympic champion now I'm world champion. Keep working hard in different fields. We have to make a name in the world. pic.twitter.com/JsymGj3Kwd

    — jonathan selvaraj (@jon_selvaraj) August 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে বহু প্ৰত্যাশিত ফাইনেলত নীৰজে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী পাকিস্তানৰ নাদিমক পৰাস্ত কৰি প্ৰথম ভাৰতীয় এথলেটিকছ বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হয় । আনন্দ প্ৰকাশ কৰি চোপ্ৰাই কয় যে, তেওঁ এতিয়া অলিম্পিক চেম্পিয়ন লগতে বিশ্ব চেম্পিয়ন । ভাৰতীয়সকলক তেওঁলোকৰ নিৰন্তৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাই আৰু দেশখনে অধিক অৰ্জন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি নীৰজে কয় যে, ভাৰতীয়সকলে বিভিন্ন ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰি থাকক । পৃথিৱীত ভাৰতে এটা নাম প্ৰতিষ্ঠা কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে ।

অলিম্পিক পদক বিজয়ী চোপ্ৰাই পুৰুষৰ জেভেলিন থ্ৰ' ইভেণ্টৰ ফাইনেলত ৮৮.১৭ মিটাৰ থ্ৰ'ৰ সৈতে বুডাপেষ্টত ইতিহাস ৰচনা কৰে । পাকিস্তানৰ কমনৱেলথ গেমছ চেম্পিয়ন আৰ্ছাদ নাদিমে তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ' ৮৭.৮২ মিটাৰ দলিয়াইছিল । নীৰজৰ উপৰিও আন দুগৰাকী ভাৰতীয় ক্ৰমে কিশোৰ জেনা আৰু ডিপি মানুৱে শীৰ্ষ অষ্টম স্থান লাভ কৰে । কিশোৰ জেনাই ৮৪.৭৭ মিটাৰ আৰু ডিপি মানুৱে ৮৪.১৪ মিটাৰ থ্ৰ' কৰিবলৈ সক্ষম হয় । নীৰজে তেওঁৰ দ্বিতীয় প্ৰচেষ্টাত ৮৮.১৭ মিটাৰ দলিয়াই ইতিহাস ৰচনা কৰে আৰু ভাৰতৰ প্ৰথম বিশ্ব এথলেটিকছ স্বৰ্ণ জয়ী হিচাপে পৰিগণিত হয় ।

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত চোপ্ৰাই সোণৰ পদক লাভ কৰাৰ পাছতে খেলুৱৈগৰাকীৰ বাসগৃহ হাৰিয়ানাৰ পানীপথত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । ইফালে বুডাপেষ্টত এই স্বৰ্ণ জয়ৰ পাছতে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজৰ দ্বিতীয় পদক । ইয়াৰপূৰ্বে তেওঁ যোৱা বছৰ ৰূপৰ পদক লাভ কৰিছিল ।

লগতে পঢ়ক :World Athletics Championships 2023 : বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.