মাৰ্ঘেৰিটা,31 অক্টোবৰঃ মাৰ্ঘেৰিটাৰ প্ৰতিভাৱান যুৱতী প্ৰিয়া দেৱনাথে মিছ আসামৰ পিছত আঁজুৰি আনিবলৈ সক্ষম হৈছে মিছ ইণ্ডিয়াৰ খিতাপ ৷ মাৰ্ঘেৰিটাৰ বানপীড়িত অঞ্চলত থকা এটা অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰিয়া দেৱনাথে এথলেকটিছ আৰু শৰীৰ চৰ্চাত জড়িত হৈ বিগত ন বছৰে লাভ কৰিছে জিলা , তথা ৰাজ্যিক পৰ্যায়ত বিভিন্ন বঁটা ৷ শেহতীয়াকৈ লাভ কৰিছে মিছ আসাম আৰু মিছ ইণ্ডিয়াৰ খিতাপ ।
বঙাইগাঁৱত অনুষ্ঠিত প্ৰতিযোগিতাত মিছ আসাম ফিটনেছ খিতাপৰ পিছত শেহতীয়াকৈ অসমক প্ৰতিনিধিত্ব কৰি কেৰালাৰ কোচিত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৰ্জন কৰে মিছ ইণ্ডিয়া ফিটনেচৰ খিতাপ । কিন্তু দুখৰ বিষয় যে, স্থানীয় বিধায়ক, সাংসদ বা অন্য কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা এই পৰ্যন্ত আৰ্থিক সহযোগিতা পোৱা নাই প্ৰিয়াই । দুই এজন শুভাকাংক্ষীৰ পৰা পোৱা আৰ্থিক সহযোগিতাৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুখ্যাতি অৰ্জন কৰা প্ৰিয়া নিৰ্বাচিত হৈছে এচিয়ান গেমছত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুবিধা । কিন্তু আৰ্থিক অনাটনৰ বাবে এই যাত্ৰা সম্ভৱ নহ'ব বুলি আশংকা প্ৰকাশ কৰিছে প্ৰিয়াই ।
লগতে পঢ়কঃ মাৰ্ঘেৰিটাৰ প্ৰিয়াক কোঙা কৰিব নেকি দৰিদ্ৰতাই !