স্পৰ্টছ ডেস্ক: বিশ্ব ক্ৰীড়াংগণত ভাৰতৰ জয়যাত্ৰা অব্য়াহত আছে(India's journey in world sports )। এইবাৰ জিলিকিল ফ্ৰান্সত। নেপোলিয়নৰ দেশত অনুষ্ঠিত পেৰা শ্বুটিং বিশ্ব কাপত ভাৰতে লাভ কৰিলে ৰূপৰ পদক । বৃহস্পতিবাৰে চেটৌৰৌক্স পেৰা-শ্বুটিং বিশ্বকাপত মিক্সড টীম ৫০ মিটাৰ পিষ্টল এছ এইচ ১ ইভেণ্টত মনীষ নৰৱাল আৰু সিংৰাজ আধানাৰ যুটিয়ে ৰূপৰ পদক দখল কৰে(Manish Narwal wins silver in Mixed Team 50m Pistol event) ।
এইটো ভাৰতৰ প্ৰতিযোগিতাখনিৰ পঞ্চম পদক অৰ্জন। ভাৰতে পদক তালিকাত তিনিটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক অন্তৰ্ভুক্ত কৰি জয়যাত্ৰা অব্য়াহত ৰাখিছে । উল্লেখ্য় যে ইয়াৰ পূৰ্বে বুধবাৰে ভাৰতীয় যুটী মনীষ নাৰৱাল আৰু ৰুবিনা ফ্ৰান্সিছে পেৰা-শ্বুটিং বিশ্বকাপত পি ৬-১০মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । নাৰৱাল আৰু ফ্ৰান্সিছে চীনৰ য়াং চাও আৰু মিন লিক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিছিল । ভাৰতীয় যুটীটোৱে ৫৬৫ নম্বৰৰে যোগ্য়তা অৰ্জন পৰ্যায়ত এক নতুন বিশ্ব অভিলেখ গঢ়িছিল ।
ইয়াৰ পূৰ্বে মঙলবাৰে টকিঅ' পেৰা অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অৱনী লেখাৰাই মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ২৫০.৬ ৰ বিশ্ব অভিলেখ স্ক'ৰৰে সোণৰ পদক অৰ্জন কৰি পেৰিছ পেৰা অলিম্পিক ২০২৪ ত স্থান লাভ কৰে । 20 বছৰীয়া শ্বুটাৰ গৰাকীয়ে তেওঁৰ 249.6 ৰ বিশ্ব অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক:১০ বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি অভিলেখ গঢ়িলে নেপালী লাকপাই