ETV Bharat / sports

দেশত ক্ৰীড়া ইভেন্টৰ আৰম্ভণিৰ ইংগিত দিলে কিৰেণ ৰিজিজুয়ে

এথলীটৰ প্ৰশিক্ষণ,ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ,ভাৰতত বিভিন্ন ক্ৰীড়া ইভেন্টৰ আয়োজন আদি 15 টা বিষয়ত এই বৈঠকৰ আয়োজন কৰা হয় ৷

ভাৰ্চুৱেল বৈঠকত ৰিজিজু
দেশত ক্ৰীড়া ইভেন্টৰ আৰম্ভণিৰ ইংগিত দিলে কিৰেণ ৰিজিজুয়ে
author img

By

Published : Jun 24, 2020, 8:24 AM IST

স্পৰ্টছ ডেস্ক, 24 জুন : কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে মঙলবাৰে কয় যে,লাহেকৈ ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন ইভেন্ট আৰম্ভ কৰাৰ সময় হৈছে ৷ ভাৰতীয় অলিম্পিক সংস্থা (IOA) আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদৰ (NSFs) প্ৰতিনিধিৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকত ৰিজিজুয়ে এই মন্তব্য কৰে ৷

এথলীটৰ প্ৰশিক্ষণ,ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ,ভাৰতত বিভিন্ন ক্ৰীড়া ইভেন্টৰ আয়োজন আদি 15 টা বিষয়ত এই বৈঠকৰ আয়োজন কৰা হয় ৷

দেশত ক্ৰীড়া ইভেন্টৰ আৰম্ভণিৰ ইংগিত দিলে কিৰেণ ৰিজিজুয়ে
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু

এই বৈঠকত উপস্থিত থাকে IOAৰ সভাপতি নৰিন্দৰ ধ্ৰুৱ বাট্ৰা, ক্ৰীড়া সচিব ৰবি মিটাল, SAI ৰ মহানিৰ্দেশক সন্দীপ প্ৰধান, IOA ৰ সাধাৰণ সচিব, ৰাজীৱ মেহতা, আৰ্চাৰী, এথলেটিকছ, বেডমিন্টন, বক্সিং, চাইক্লিং, ফেন্সিং, হকী, জুদো, শ্বুটিং, সাঁতোৰ, টেবল টেনিছ, ভাৰত্তোলন আৰু মল্লযুঁজ বিভাগৰ সভাপতি আৰু সাধাৰণ সচিবসকল ৷ ৰিজিজুয়ে কয় যে, আগষ্ট পৰ্যন্ত দেশত কিছু সংখ্যক ক্ৰীড়া ইভেন্ট আয়োজন কৰিব পৰা যাব ৷

ৰিজিজুয়ে কয়, "আমি Unlock ৰ প্ৰথমটো পৰ্যায়ত আছো আৰু এখন দেশ হিচাপে আমি বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছো ৷ সেয়েহে সুৰক্ষিত প্ৰট'কলৰ মাজেৰে বিভিন্ন ক্ৰীড়া ইভেন্টসমূহ আৰম্ভ কৰা উচিত ৷ এই সম্পৰ্কত আমি ফেডাৰেছন সমূহৰ পৰা পৰামৰ্শ বিচাৰিম ৷ তেওঁলোকৰ ধাৰণাসমূহৰ জৰিয়তে COVID-19 ৰ পাচৰ পৰিস্থিতিত বিভিন্ন ক্ৰীড়া ইভেন্ট আয়োজনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিব পৰা যাব ৷ আগষ্ট মাহৰ পৰা কিছু ইভেন্ট আয়োজন কৰিব পৰা যাব বুলি অনুমান কৰিছো ৷"

ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে লগতে সকলো ফেডাৰেছনকে অনুৰোধ জনাই যে,অহা সময়ছোৱাত কিছু সংখ্যক ক্ৰীড়া ইভেন্ট আয়োজনৰ বাবে লীগ সমূহৰ মেনেজাৰ সকলৰ সৈতে আলোচনা কৰা উচিত ৷

ইয়াৰোপৰি, অলিম্পিকত অংশগ্ৰহণ কৰিবলগা এথলীটসকলৰ প্ৰশিক্ষণৰ বাবে অন্তৱৰ্তীকালিন বাৰ্ষিক Competition and Training Calendar (ACTC) সম্পৰ্কতো পৰামৰ্শ আগবঢ়াই ক্ৰীড়া মন্ত্ৰণালয়ে ৷

লগতে পঢ়ক : কৰ'ণা পজিটিভ বিশ্বৰ শীৰ্ষ স্থানৰ টেনিছ খেলুৱৈ ন'ভাক জ'ক'ভিচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.