ETV Bharat / sports

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত কোন খেলুৱৈয়ে লাভ কৰিব কি সন্মান ! - ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা

প্ৰত্যেক বছৰেই 29 আগষ্টৰ দিনটো পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে ৷ এই ঐতিহাসিক দিনটোতেই ৰাষ্ট্ৰপতিৰ দ্বাৰা ক্ৰীড়াজগতত দিয়া বিশেষ অৱদানৰ বাবে খেলুৱৈ সকলক সন্মান প্ৰদান কৰা হয় ৷ এই বৰ্ষত কোন খেলুৱৈ কি সন্মান লাভ কৰিবল জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন...

Key details about National Sports Awards 2020

author img

By

Published : Aug 28, 2020, 10:19 PM IST

স্পৰ্টছ ডেস্ক, 28 আগষ্ট : 29 আগষ্ট অৰ্থাৎ শনিবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা হ’ব ক্ৰীড়াজগতৰ বিশেষ সন্মান ৷ প্ৰত্যেক বছৰেই ক্ৰীড়াক্ষেত্ৰত দিয়া বিশেষ অৱদানৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা খেলুৱৈ সকলক প্ৰদান কৰা হয় বিশেষ সন্মান ৷ ধ্যানচান্দে 1928, 1932 আৰু 1936 অলিম্পিকত ভাৰতক সোণৰ পদক লাভ কৰি আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতীয় হকী দলক এক উচ্চ স্থান দিবলৈ সক্ষম হৈছিল ৷ যাৰ বাবেই মেজৰ ধ্যানচান্দৰ জয়ন্তী উপলক্ষ্য পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷

এই বিশেষ দিনটোতেই খেলুৱৈ সকলক প্ৰদান কৰা হয় ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ধ্যানচান্দ বঁটা, অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা

এই বৰ্ষত কোন খেলুৱৈয়ে কি সন্মান লাভ কৰিব চাওক-

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা : ভাৰতীয় ক্ৰীড়া জগতৰ সৰ্বোচ্চ বঁটাটো হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত নামকৰণ কৰা হৈছে এই বঁটাৰ ৷ পোন প্ৰথমবাৰৰ বাবে 1991-92 চনত প্ৰদান কৰা হৈছিল এই বঁটা ৷ দবা খেলুৱৈ বিশ্বনাথন আনন্দ লাভ কৰিবলৈ সক্ষম হৈছিল এই বঁটা ৷ চলিত বৰ্ষত পাঁচগৰাকী খেলুৱৈক প্ৰদান কৰা হ’ব এই পুৰস্কাৰ ৷

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা তালিকা
ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা তালিকা

অৰ্জুন বঁটা : ক্ৰীড়া ক্ষেত্ৰৰ আন এটা গুৰুত্বপূৰ্ণ পুৰস্কাৰ বা সন্মান হৈছে অৰ্জুন বঁটা ৷ ক্ৰীড়া ক্ষেত্ৰত কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা হয় এই সন্মান ৷ পোন প্ৰথমবাৰৰ বাবে 1961 চনত প্ৰদান কৰা হৈছিল অৰ্জুন বঁটা ৷ এই বৰ্ষত 27 গৰাকী খেলুৱৈয়ে লাভ কৰিব এই পুৰস্কাৰ ৷ য’ত অন্তৰ্ভুক্ত আছে অসম জীয়ৰী লাভলীনা বৰগোঁহাই ৷

অৰ্জুন বঁটাৰ তালিকা
অৰ্জুন বঁটাৰ তালিকা
অৰ্জুন বঁটাৰ তালিকা
অৰ্জুন বঁটাৰ তালিকা
অৰ্জুন বঁটাৰ তালিকা
অৰ্জুন বঁটাৰ তালিকা

ধ্যানচান্দ বঁটা : যিকোনো খেলুৱৈক তেওঁৰ জীৱনযোৰা উপলব্ধিৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ সন্মান হৈছে ধ্যানচান্দ বঁটা ৷ ভাৰতীয় হকী দলৰ কিংবদন্তি খেলুৱৈ ধ্যানচান্দৰ নামত ৰখা হৈছে এই পুৰস্কাৰ ৷ শাহুৰাজ বিৰাজদাৰক বক্সিঙৰ বাবে প্ৰথমবাৰৰ বাবে 2002 চনত প্ৰদান কৰা হৈছিল এই পুৰস্কাৰ ৷ এই বৰ্ষত 15 মহান খেলুৱৈক প্ৰদান কৰা হ’ব এই সন্মান ৷

ধ্যানচান্দ বঁটা তালিকা
ধ্যানচান্দ বঁটা তালিকা

দ্ৰোণাচাৰ্য বঁটা : আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত পদক জিনিবলৈ সক্ষম হোৱাকৈ খেলুৱৈ তৈয়াৰ কৰাৰ নিমিত্তে প্ৰশিক্ষক আৰু ক্ৰীড়া বিকাশৰ ক্ষেত্ৰত নিজৰ আজীৱন দিয়া বলিদানৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰা হয় ৷ 1985 চনৰ পৰাই এই সন্মান প্ৰদান কৰি অহা হৈছে ৷ প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ভলাচন্দ্ৰ ভাস্কৰ ভাগৱতে (মল্লযুঁজ) ৷ চলিত বৰ্ষত 14 গৰাকী প্ৰশিক্ষকক প্ৰদান কৰা হ’ব এই সন্মান ৷

দ্ৰোণাচাৰ্য বঁটা : জীৱন-জোৰা শাখা
দ্ৰোণাচাৰ্য বঁটা : জীৱন-জোৰা শাখা
দ্ৰোণাচাৰ্য বঁটা : নিয়মীয়া শাখা
দ্ৰোণাচাৰ্য বঁটা : নিয়মীয়া শাখা

লগতে চাওক-কিয় পিতৃৰ কাষলৈ যাবলৈ ভয় সন্তানৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.