ETV Bharat / sports

অলিম্পিকৰ বাবে COVID-19 প্ৰতিষেধক অস্বীকাৰ IOC ৰ বিষয়াৰ - আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতি (IOC)

অলিম্পিকৰ বাবে COVID-19 প্ৰতিষেধক পৰামৰ্শ অস্বীকাৰ কৰিলে IOC ৰ বিষয়াই ৷ WHO আৰু জাপান স্বাস্থ্য় প্ৰাধিকৰণৰ নিৰ্দেশতহে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য IOC ৰ ৷

IOC ৰ সদস্য তথা অষ্ট্ৰেলিয়াৰ উকীল জন কটছ
অলিম্পিকৰ বাবে COVID-19 প্ৰতিষেধক অস্বীকাৰ IOC ৰ বিষয়াৰ
author img

By

Published : Apr 29, 2020, 7:44 PM IST

স্পৰ্টছ ডেস্ক, 29 এপ্ৰিল : অলিম্পিক আয়োজনৰ বাবে COVID-19 প্ৰতিষেধৰ প্ৰয়োজন আছে বুলি কিছু বিজ্ঞানী আৰু চিকিৎসকে আগবঢ়োৱা পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ (IOC) টকিঅ' অলিম্পিকৰ সমন্বয়ক আয়োগৰ মুৰব্বীয়ে ৷

IOC ৰ সদস্য তথা অষ্ট্ৰেলিয়াৰ উকীল জন কটছে জানিবলৈ দিয়ে যে, তেওঁ এই পৰামৰ্শ লাভ কৰিছিল যদিও ইয়াত সন্মতি প্ৰদান নকৰিলে ৷

এক নিউজ এজেন্সীক কটছে কয়, "এই পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদান কৰা নাই সেয়েহে আমি পৰিকল্পনা অনুসৰি সকলো কাম সমাধা কৰিম ৷ প্ৰতিষেধকৰ পৰামৰ্শটো ভাল ৷ কিন্তু, আমি WHO আৰু জাপান স্বাস্থ্য় প্ৰাধিকৰণৰ নিৰ্দেশত সকলো ব্যৱস্থা অব্যাহত ৰাখিম ৷"

মঙলবাৰে জাপান মেডিকেল এছ'চিয়েছনৰ সভাপতি য়শিটাকে য়ককোৰাই কয়, "কেৱল জাপানতে নহয়, সমগ্ৰ বিশ্বতে এই মহামাৰীৰৰ অন্ত পৰিলেহে আমি 2021 চনৰ জুলাই মাহত অলিম্পিক অনুষ্ঠিত কৰিব পাৰিম ৷ মোৰ দৃষ্টিত, ফলপ্ৰসূ প্ৰতিষেধক আৱিস্কাৰ নোহোৱালৈকে অলিম্পিক অনুষ্ঠিত কৰাটো কঠিন হ'ব ৷"

প্ৰায় 200 তকৈ অধিক দেশৰ প্ৰায় 11,000 অলিম্পিয়ান আৰু 4,400 পেৰাঅলিম্পিয়ানে একেসময়তে কেনেদৰে সুৰক্ষিতভাৱে জাপানত ভাইৰাছৰ সংক্ৰমণ নকৰাকৈ বাস কৰিব সেই সম্পৰ্কত কটছে মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷ উল্লেখ্য যে, এই ক্ৰীড়াবিদসকল একেলগে এথলীটছ ভিলেজত বাস কৰিব ৷ তেওঁলোকৰ সৈতে থাকিব হাজাৰোধিক অন্যান্য সদস্য আৰু প্ৰশিক্ষক আৰু কিছুসংখ্যক টেকনিকেল অফিচাৰ ৷ ইয়াৰোপৰি, অলিম্পিকৰ সম্প্ৰচাৰৰ বাবে বহু বিলিয়ন টকা বিনিয়োগ কৰা বিশ্বৰ বহুসংখ্যক প্ৰচাৰকো ইয়াত উপস্থিত থাকিব লাগিব ৷

কটছে কয় যে, অলিম্পিক স্থগিত ৰখাৰ পাচত বহু কষ্ট কৰা হৈছে আৰু 43 টাকৈ স্থানত আয়োজন কৰিবলৈ লক্ষ্য বান্ধি লোৱা হৈছে ৷ য়ককোৰাই অলিম্পিক সন্দৰ্ভত চিন্তা ব্যক্ত কৰাৰ পাচতে এনেদৰে মন্তব্য কৰে কটছে ৷

এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ দেবী শ্ৰীধৰেও মন্তব্য কৰিছে যে, প্ৰতিষেধক আৱিস্কাৰ কৰাৰ ওপৰত অলিম্পিকৰ আয়োজন নিৰ্ভৰ কৰিব ৷ বেইজিঙত 2022 চনৰ শীতকালিন অলিম্পকৰ ক্ষেত্ৰতো একে পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে ৷

বুধবাৰে জন হপকিনছ বিশ্ববিদ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি, জাপানত 13,700 লোক COVID-19 ত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 394 জনৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.