ETV Bharat / sports

Asian Games 2023 : শ্বুটিঙত সোণ উশ্বুত ৰূপ অৰ্জন; পদকৰ সংখ্যা বাঢ়িল ভাৰতৰ - asian games india shooting medals list

এছিয়ান গেমছৰ বিভিন্ন ইভেণ্টত ভাৰতীয় খেলুৱৈৰ সফলতা অব্যাহত আছে । দলীয় শাখাত ভাৰতীয় শ্বুটাৰ সৰবজ্যোৎ সিং, অৰ্জুন সিং চিমা আৰু শিৱ নৰৱালৰ সোণৰ পদক লাভ । উশ্বু খেলুৱৈ ৰোশিবিনা দেৱীৰ ৰূপৰ পদক লাভ ।

Asian Games 2023
শ্বুটিঙত ভাৰতৰ আন এটা সোণৰ পদক, ৰূপতে সন্তুষ্ট থাকিবলগীয়া হ'ল ৱুচু খেলুৱৈ ৰোশিবিনা
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:46 AM IST

স্পৰ্টছ ডেস্ক, ২৮ ছেপ্টেম্বৰ : এছিয়ান গেমছত ভাৰতীয় খেলুৱৈৰ সফলতাৰ ধাৰা অব্যাহত আছে । শ্বুটিং ইভেণ্টত এইবাৰ ভাৰতে লাভ কৰিলে সোণৰ পদক । চীনৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত ভাৰতীয় দলটোৱে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় । ভাৰতৰ দলটোত আছিল সৰবজ্যোৎ সিং, অৰ্জুন সিং চিমা আৰু শিৱ নৰৱাল । এয়া শ্বুটিং ইভেণ্টত ভাৰতৰ চতুৰ্থটো সোণৰ পদক আছিল ।

উল্লেখ্য যে এছিয়ান গেমছৰ চলিত সংস্কৰণত ভাৰতীয় শ্বুটাৰসকলক অপ্ৰতিৰোধ্য দেখা গৈছে । এতিয়ালৈকে শ্বুটিঙত ভাৰতে চাৰিটা সোণ, চাৰিটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদক লাভ কৰিছে । বৃহস্পতিবাৰে খেলখনত ভাৰতীয় দলটোৱে চীনা দলটোক এটা পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে ।

ভিয়েটনামে ১৭৩০ পইণ্টৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে । সৰবজোৎ আৰু অৰ্জুনে ক্ৰমান্বয়ে ৫৮০ আৰু ৫৭৮ পইণ্ট অৰ্জন কৰি ক্ৰমান্বয়ে পঞ্চম আৰু অষ্টম স্থান দখল কৰে । লগতে দুয়োগৰাকী শ্বুটাৰে ব্যক্তিগত ফাইনেলৰ বাবেও যোগ্যতা অৰ্জন কৰে । অৱশ্যে শিৱই মাত্ৰ ৫৭৬ পইণ্ট হে লাভ কৰে । যাৰ বাবে তেওঁ ব্যক্তিগত ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ।

ইফালে ৱুচুত ৰূপৰ পদক লাভ কৰিছে ভাৰতীয় খেলুৱৈ ৰোশিবিনা দেৱীয়ে । খেলুৱৈগৰাকীয়ে মহিলাৰ ৬০ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে । ফাইনেলত চীনা খেলুৱৈৰ সন্মুখত পৰাজিত হয় । বিগত সংস্কৰণত ৰোশিবিনাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু এইবাৰ কিছু উন্নত প্ৰদৰ্শনেৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । তেওঁ কোৱাৰ্টাৰ ফাইনেলত কাজাখস্তানৰ আইমান কাৰ্শ্যগাৰ বিৰুদ্ধে এক সুন্দৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় । তাৰ পাছত, ছেমি ফাইনেলত ভিয়েটনামৰ খেলুৱৈক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । লক্ষণীয়ভাৱে, চলিত এছিয়ান গেমছত ভাৰতে এতিয়ালৈ মুঠ ২৩ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :Asian Games 2023 : উদ্বোধনী মেচত বৃহৎ জয় ভাৰতীয় মহিলা হকী দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.