নেশ্যনেল ডেস্ক,13 আগষ্ট: অপ্ৰত্যাশিত আৰু অবিস্মৰণীয় ইনিংছ খেলি উজলি উঠিল প্ৰতিভাৱান যুৱ খেলুৱৈ যশস্বী জয়ছোৱাল ৷ ইন্টাৰনেশ্যনেলৰ ডেৱিউৰ দ্বিতায়খন মেচত জ্বলামুখী হৈ উঠিল জয়চোৱাল ৷ ডেবিউৰ দ্বিতীয়খন মেচত বিস্ফোৰক বিটিং বিক্ৰমেৰে চৰ্চাত যশস্বী ৷ ভাৰত-ৱেষ্ট ইণ্ডিয়াৰ মাজত চলিত T-20 ৰ শৃংখলাৰ চতুৰ্থখন মেচত শুভমন গিল আৰু যশস্বী জয়চোৱালৰ বিস্ফোৰক বিটিঙেৰে ভাৰতে সহজে পাৰস্ত কৰে ঘৰুৱা দল ৱেষ্ট ইণ্ডিজক ৷
শনিবাৰে চলিত চিৰিজৰ চতুৰ্থখন T-20 ৰ মেচত প্ৰথমে টচত জিকি বেট ধৰাৰ সিদ্ধান্ত লয় ৱেষ্ট ইণ্ডিজে ৷ প্ৰথমে বেট ধৰিবলৈ অহা ঘৰুৱা দলে ভাৰতীয় বলাৰ সন্মুখত তিষ্টি থাকিব পৰা নাছিল ৷ ভাৰতীয় বাওঁহতীয়া পেচ বলাৰ অৰ্শ্বদ্বীপ সিঙৰ বলিঙত দিশসাৰা হৈ পৰিছিল কেৰেবিয়ান দলৰ অপেনাৰদ্বয় ৷ কায়েলে মেয়াৰছে 17 ৰান আৰু ব্ৰেণ্ডণ কিঙে মাত্ৰ 18 ৰান কৰি আউট হয় ৷
কিন্তু সাই হ’পৰ 45 আৰু চিমৰন হেটমেয়াৰৰ বিস্ফোৰক 61 ৰান সহায়ত নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত ৱেষ্ট ইণ্ডিজে 178 ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতক ৷
ভাৰত হৈ দ্বিতীয় ইনিংচ মুকলি কৰিবলৈ আহে শুভমন গিল আৰু যশস্বী জয়ছোৱালে ৷ প্ৰথমৰ পৰা আক্ৰমনাত্মক ৰূপ লয় যুৱ খেলুৱৈ যশস্বী জয়ছোৱালে ৷ 51 বলত 3 টা ছয়, 11 চাৰি কোৱাই 21 টা বল খেলি অপৰাজিত 84 ৰান সংগ্ৰহ কৰে ৷ আনহাতে 47 বল খেলি 3 টা চাৰি, 5 ছয় কোৱাই 77 ৰান সংগ্ৰহ কৰে ৷ ৱেষ্ট ইণ্ডিজে বান্ধি দিয়া 178 ৰান অনুসৰন কৰি 17 অভাৰত 1 উইকেত হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত ভাৰতীয় দল ৷ ইয়াৰ লগে লগে পাঁচখনীয়া T-20 মেচত 2-2 সমতা স্থাপন কৰে ৷ টেষ্ট, এদিনীয়া আৰু T-20 ৰ দখলৰ লক্ষ্য হাৰ্ডিক বাহিনীৰ ৷
ইফালে শৃংখলাৰ নিৰ্ণায়ক মেচখন অনুষ্ঠিত হ’ব 13 আগষ্ট অৰ্থাৎ আজি ৷ ভাৰতীয় সময় অনুসৰি নিশা 8 বজাৰ পৰা আৰম্ভ হ’ব মেচখন ৷ ইফালে সমাগত এছিয়া কাপ আৰু বিশ্ব কাপ ৷ তাৰ মাজতে আজিৰ নিৰ্ণায়ক মেচখনত অতি গুৰুত্বপূৰ্ণ ভাৰতীয় দলৰ বাবে ৷
লগতে পঢ়ক: IND vs WI 4th T20 : লাউডাৰহিলৰ চেণ্ট্ৰেল ব্ৰোৱাৰ্ড ষ্টেডিয়ামত ভাৰতৰ ৰেকৰ্ড প্ৰশংসনীয়