স্পৰ্টছ ডেস্ক, ৮ জানুৱাৰী : সোমবাৰে জাকাৰ্টাত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰত ভাৰতীয় শ্বুটাৰসকলে উজ্জ্বল আৰম্ভণি কৰিছে । ভাৰতীয় দলটোৱে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল দলীয় প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে ।
বৰুণ তোমাৰ (৫৮৬), অৰ্জুন সিং চিমা (৫৭৯) আৰু উজ্জয়ল মালিকক (৫৭৫) লৈ গঠিত ভাৰতীয় দলটোৱে মুঠ ১৭৪০ স্ক'ৰ সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰে । আনহাতে, ইৰাণ আৰু কোৰিয়াই ক্ৰমান্বয়ে ৰূপ আৰু ব্ৰঞ্জৰ পদক দখল কৰে ।
বৰুণ আৰু অৰ্জুনে ব্যক্তিগত ফাইনেলতো প্ৰৱেশ কৰে । ফাইনেলত তোমাৰে ৰূপৰ পদক অৰ্জন কৰা নিজ দেশৰে অৰ্জুন সিং চিমাক এক নিকট যুঁজত পৰাস্ত কৰি স্বৰ্ণ জয় কৰে ।
উল্লেখ্য যে পেৰিছ অলিম্পিকৰ বাবে মুঠ ১৬ টা কোটা স্থান আছে এছিয়া মহাদেশৰ বাবে । পুৰুষ আৰু মহিলাৰ বাবে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ভাৰতীয় শ্বুটাৰৰ বাবে সৰ্বাধিক তিনিটাৰে চাৰিটা কোটা আছে । এষা সিং, ৰিদম চাংৱান আৰু সুৰভি ৰাৱে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলত পেৰিছৰ কোটা লাভৰ বাবে ভাৰতীয় দলৰ আশা সজীৱ কৰি ৰাখিছে । পেৰিছ কোটাৰ উপৰি ২৫৬ টা পদকৰ (৮৪ টা সোণ, ৮৪ টা ৰূপ আৰু ৮৮ টা ব্ৰঞ্জৰ পদক) বাবে ২৬ খন দেশৰ প্ৰায় ৩৮৫ গৰাকী খেলুৱৈয়ে জাকাৰ্টাত সেনায়ান শ্বুটিং ৰেঞ্জত লক্ষ্য ৰাখিব ।
ভাৰতে ইতিমধ্যে ৰাইফল, পিষ্টল আৰু শ্বটগান শাখাত শ্বুটিঙত 13 টা অলিম্পিক কোটা স্থান জয় কৰিছে । অৱশ্যে ৰাইফলৰ সকলো কোটা স্থান সুৰক্ষিত হৈছে । আনহাতে, পিষ্টলত মুঠ তিনিটা কোটা জয় কৰিছে ।
লগতে পঢ়ক :আফগানিস্তানৰ বিৰুদ্ধে টি-20 ছিৰিজত দললৈ উভতিল ৰোহিত শৰ্মা-বিৰাট কোহলী