ETV Bharat / sports

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত চাৰিটা পদক অৰ্জন ভাৰতৰ - MARY KOM

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত উজলিল দুই অসম কন্যা ৷ অন্ত পৰিল বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ৷ চাৰিটা পদক অৰ্জন ভাৰতৰ ৷ চাৰিটা পদকৰ ভিতৰত আছে দুই অসম সন্তানৰ সাফল্য ৷

world womens boxing championships
author img

By

Published : Oct 13, 2019, 11:29 PM IST

Updated : Oct 14, 2019, 12:26 AM IST

স্পৰ্টছ ডেস্ক, 13 অক্টোবৰঃ সমাপ্ত হ’ল ৰাছিয়াৰ উলান উদেত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ৷ এই চেম্পিয়নশ্বিপত ভাৰতৰ সুন্দৰ প্ৰদৰ্শন ৷ আঁজুৰি আনিলে মুঠ চাৰিটাকৈ পদক ৷ য’ত তিনিটা ব্ৰঞ্জ পদকৰ লগতে আছে এটা ৰূপৰ পদক ৷ টুৰ্ণামেণ্টখনৰ অন্তিমটো দিনত অৰ্থাৎ দেওবাৰে ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয় ভাৰতৰ যুৱ বক্সাৰ মঞ্জু ৰাণীয়ে ৷ 48 কিলোগ্ৰাম শাখাৰ ফাইনেল মেচত ৰাছিয়াৰে খেলুৱৈ একাতেৰিনা পাল্টছেৱাৰ হাতত 4-1 ৰ ব্যৱধানত পৰাস্ত হয় মঞ্জু ৷

উল্লেখ্য যে, শনিবাৰে খেলুৱৈগৰাকীয়ে নিজৰ অভিষেক মেচতেই বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিয়ে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পূৰ্বে 2001 চনত অভিষেক মেচতে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছিল মেৰী কমে ৷

মঞ্জু ৰাণী
মঞ্জু ৰাণী

মঞ্জুৰ লগতে এই চেম্পিয়নশ্বিপত ভাৰতৰ হৈ শনিবাৰে তিনিটা ব্ৰঞ্জৰ পদক বুটলি আনিবলৈ সক্ষম হৈছিল মণিপুৰৰ বক্সাৰ মেৰী কমৰ লগতে অসমৰ দুই কন্যা যমুনা বড়ো আৰু লাভলিনা বৰগোঁহাইয়ে ৷

মেৰী কম, যমুনা বড়ো, লাভলীনাৰ ব্ৰঞ্জ পদক

শনিবাৰে অনুষ্ঠিত ছেমিফাইনেলৰ 51 কিলোগ্ৰাম শাখাত তুৰ্কীৰ খেলুৱৈ বাছনাজ কাকিৰ’গ্লুৰ হাতত 4-1 ব্যৱধানত পৰাস্ত হৈ ব্ৰ'ঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছিল ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কমে ৷ অৱশ্যে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত মেৰী কমৰ এইটো আছিল অষ্টমটো পদক ৷

চাৰিটা পদক অৰ্জন ভাৰতৰ

ইপিনে 54 কিলোগ্ৰাম শাখাত চাইনিছ তাইপাই খেলুৱৈৰ হাতত 5-0 ব্যৱধানত যমুনা বড়ো আৰু 69 কিলোগ্ৰাম শাখাত চীনৰ য়াং লিওৰ হাতত 2-3 ব্যৱধানত লাভলিনা বৰগোঁহাইয়ে পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷

Last Updated : Oct 14, 2019, 12:26 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.