ETV Bharat / sports

অলিম্পিক আয়োজনৰ দিশে ভাৰত

দেশৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিক আয়োজন কৰাৰ দিশে ভাৰত ৷ দেশৰ ক্ৰীড়াক্ষেত্ৰলৈ হয়তো অতি শীঘ্ৰেই আহিব পাৰে এই আশাব্যঞ্জক বাতৰি ৷

author img

By

Published : Aug 25, 2021, 11:46 AM IST

India among aspiring hosts for Olympics in 2036 and beyond: IOC chief
অলিম্পিক আয়োজন কৰাৰ দিশে ভাৰত

স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট : 2036 আৰু তাৰ পৰৱৰ্তী বছৰসমূহত অলিম্পিক অনুষ্ঠিত কৰিব বুলি অশাবাদী ভাৰত ৷ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সভাপতি থমাচ বাকে জনাইছে এই কথা ৷ 2032 ৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ বাবে যোৱা মাহত বাছনি কৰা হৈছে ব্ৰিছবেনক (অষ্ট্ৰেলিয়াক) ৷ ইয়াৰ পিছতে কেইবাখনো দেশে 2036, 2040 বা তাৰ পিছত অলিম্পিক অনুষ্ঠিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ৷

এই তালিকাত ভাৰত, ইণ্ডোনেছিয়া, জাৰ্মানী, কাটাৰ আছে বুলি এখন শীৰ্ষৰ সংবাদ পত্ৰক জানিবলৈ দিছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ সভাপতি থমাচ বাকে ৷ আন যিসকলে ৰাজহুৱাভাৱে এই খেল আয়োজনত আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকৰ ভিতৰত আছে ৰাছিয়া ৷ ইতিমধ্যে ৰাছিয়াৰ খেলুৱৈসকলে যোৱা তিনিটা অলিম্পিকত ড'পিঙৰ বিতৰ্কৰ বাবে দেশখনৰ সৈতে অংশগ্ৰহণ কৰিব পৰা নাই ৷

শেহতীয়া বছৰবোৰত অলিম্পিকৰ সফলতা চৌদিশে বিয়পি পৰাৰ লগতে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱখনি আয়োজনৰ বাবে সাম্ভাৱ্য ব্যয় আৰু বিতৰ্ক হ্ৰাস পোৱাৰ বাবে বহু দেশে ক্ৰীড়া মহোৎসৱখনি আয়োজন কৰিবলৈ আগবাঢ়ি আহিছে ৷ The Wall Street Journal ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পুনৰ চাৰিবছৰলৈ IOC ৰ সভাপতি হিচাপে নিৰ্বাচিত বাকে অলিম্পিক সন্দৰ্ভত এক সম্পূৰ্ণ বিপৰীত ছবি দাঙি ধৰিছে ৷

লগতে পঢ়ক : পেৰা অলিম্পিকত ভাৰতে লাভ কৰিব অতি কমেও ১৫ টা পদক..!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.