স্পৰ্টছ ডেস্ক, 14 জুলাই : স্বৰ্ণ জয়ৰ ধাৰা অব্যাহত ৰাখিছে স্প্ৰিন্টাৰ হিমা দাসে ৷ 11 দিনৰ ভিতৰত তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণ পদক দখল কৰিলে 'ধিং এক্সপ্ৰেছ' খ্যাত অসমৰ এথলীটগৰাকীয়ে ৷ ক্লাডন' মেম'ৰিয়েল এথলেটিকছ মীটৰ মহিলাৰ 200 মিটাৰ শাখাত শীৰ্ষ স্থান দখলেৰে স্বৰ্ণ জয় কৰে খেলুৱৈগৰাকীয়ে ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত মাহৰ 2 তাৰিখে প'জনান এথলেটিকছত 200 মিটাৰ শাখাত 23.65 ছেকেণ্ডেৰে স্বৰ্ণ জয় কৰিছিল হিমাই ৷ ইয়াৰ পাছতে জুলাই 8 তাৰিখে কোটন' এথলেটিকছ মীটত হিমাই স্বৰ্ণ দখল কৰিছিল ৷